অসম

assam

ETV Bharat / state

Emergency service at Tingrai: টিংৰাইত আপদকালীন সেৱা কেন্দ্ৰ উদ্বোধন - Tinsukia District Superintendent of Police

টিংৰাইস্থিত ৰাজহুৱা খেলপথাৰত অগ্নি আৰু আপদকালীন সেৱাৰ কেন্দ্ৰ শুভ উদ্বোধন (Public Playground at Tingrai)। উদ্বোধনী অনুষ্ঠানত বিধায়ক সুৰেণ ফুকনৰ লগতে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

Fire and emergency service at Digboi
অগ্নি আৰু আপদকালীন সেৱা

By

Published : Apr 4, 2023, 2:31 PM IST

অগ্নি আৰু আপদকালীন সেৱা

তিনিচুকীয়া, ৪ এপ্ৰিল: তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইস্থিত ৰাজহুৱা খেলপথাৰত অগ্নি আৰু আপদকালীন সেৱাৰ এটি কেন্দ্ৰ শুভ উদ্বোধন কৰা হয় (Fire and emergency service at Digboi)। ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ প্ৰচেষ্ঠাত সোমবাৰে ডিগবৈত অসম চৰকাৰৰ উদ্য়োগত অস্থায়ীভাৱে অগ্নি আৰু আপদকালীন সেৱাৰ এটি কেন্দ্ৰৰ মুকলি কৰা হয় ।

এই শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক সুৰেণ ফুকনৰ লগতে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত ,সমাজ সেৱক তথা শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত লক্ষীনন্দন গগৈ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া প্ৰাণ কৃষ্ণ দাসসহ কেইবাগৰাকী বশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে (Tinsukia District Superintendent of Police)। উক্ত অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰটোক ৰাইজৰ সেৱাৰ অৰ্থে দুখনকৈ অগ্নি নিৰ্বাপক বাহনো আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । উল্লেখ্য যে, কোনো অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত খবৰ দিয়াৰ ক্ষেত্ৰত ৰাইজে ১১২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ।

এই সন্দৰ্ভত বিধায়ক সুৰেণ ফুকনে কয় যে বিগত দিনসমূহত জৰুৰীকালীন সময়ত ডিগবৈ সমষ্টিবাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ কিয়নো কৰবাত অগ্নিকাণ্ড সংঘটিত হ'লে তিনিচুকীয়া, মাৰ্ঘেৰিটাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মাতিব লাগে আৰু সেয়া আহি পাওঁতে যথেষ্ট পলম হয় ৷ লগতে আই অ' চিৰ পৰা আনিব লাগিলেও বহুত নীতি নিয়মৰ মাজেৰে আনিব লগা হয় ৷ সেইবাবে তেওঁ বিধানসভাত এই সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীৰ সমস্যা বুজি পাই ক'ম সময়তে এই সুবিধা প্ৰদান কৰা বুলি তেওঁ কয় । সেই কাৰণে ডিগবৈবাসীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক সুৰেণ ফুকনে ৷

বৰ্তমান টিংৰাই ৰাজহুৱা খেলপথাৰত অস্থায়ীভাৱে এটা কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে ৷ এই কাৰ্যালয়টোত দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু পাঁচজন কৰ্মচাৰী নিয়মীয়াকৈ থাকিব ৷ পৰৱৰ্তী সময়ত স্থায়ী কাৰ্যালয়ৰ ব্যৱস্থা কৰিব বুলি কয় বিধায়ক সুৰেণ ফুকনে (MLA Suren Phukan)।

লগতে পঢ়ক:Excessive Use Of Lemon: আপুনিও অধিক নেমু সেৱন কৰে নেকি? তেন্তে কেতিয়াও দূৰ নহয় এইবোৰ সমস্যা

ABOUT THE AUTHOR

...view details