অসম

assam

ETV Bharat / state

Fire at Coal Mine : টিপং কলিয়াৰীৰ অবৈধ কয়লাখনিত ভয়ংকৰ অগ্নিকাণ্ড - Fire breaks out at rat hole mining in Margherita

মাৰ্ঘেৰিটাৰ বন্ধ হৈ থকা টিপং কলিয়াৰী চালিৰ আণ্ডাৰ গ্ৰাউণ্ড মাইনিংৰ কাষৰ অবৈধ খননৰ ৰেট হ’ল মাইনিংত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ বুধবাৰে দিনৰ ভাগতে গেছ নিৰ্গত হৈ জুইৰ সূত্ৰপাত ঘটে ৷

Fire breaks out at rat hole mining in Margherita
ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Aug 3, 2023, 8:37 PM IST

অবৈধ কয়লাখনিত ভয়ংকৰ অগ্নিকাণ্ড

তিনিচুকীয়া, 3 আগষ্ট :টিপং কলিয়াৰী চালিত অবৈধ কয়লা খননৰ স্থানত ভয়ংকৰ অগ্নিকাণ্ড ৷ উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ বন্ধ হৈ থকা টিপং কলিয়াৰী চালিৰ আণ্ডাৰ গ্ৰাউণ্ড মাইনিংৰ কাষৰ অবৈধ খননৰ ৰেট হ’ল মাইনিংত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বুধবাৰৰ দিনৰ ভাগৰ পৰাই গেছ নিৰ্গত হৈ জুইৰ সূত্ৰপাত হৈ বৰ্তমান ভয়ংৰ জুইয়ে আৱৰি ধৰিছে অবৈধ মাইনিংটোত ৷

নিশা আৰু অধিক ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে ৷ বৰ্তমানো জুই জ্বলিয়েই আছে বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে ঘটনাস্থলীত স্থানীয় বন বিভাগৰ লোক উপস্থিত হৈ অবৈধভাৱে ব্যৱহাৰ কৰা এখন ককলেণ্ড জব্দ কৰে যদিও অতিকৈ দুৰ্গম ঠাই হোৱাৰ বাবে জুই নিৰ্বাপন কৰিবলৈ কোনো ধৰণৰ প্ৰচেষ্টা চলাবলৈ সক্ষম হোৱা নাই বনবিভাগ কিম্বা অগ্নিনিৰ্বাপক বাহিনীয়ে ৷

লগতে পঢ়ক :Illegal sand mining:অবৈধ বালি খননৰ বিৰুদ্ধে বিভাগলৈ সকীয়নি ৰাইজৰ

জুই নিৰ্বাপন কৰিবলৈ ঠাইটুকুৰা মাটিৰে বন্ধ কৰি অক্সিজেনৰ পৰিমাণ কমাই চেষ্টা অব্যাহত ৰাখিছে বনবিভাগে ৷ উল্লেখ কৰিব লাগিব যে দুৰ্নীতিমুক্ত চৰকাৰৰ শ্ল’গান দিয়া চৰকাৰৰ দিনতেই সকলোৰে চকুৰ আগতেই দীৰ্ঘদিন ধৰি টিপং চালি অঞ্চলত যে চোৰাং কয়লা খনন চলি আছিল সেয়া এই অগ্নিকাণ্ডই পোহৰলৈ আনিছে ৷ তথাপিও কানসাৰ নাই ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা লেখাপানী ৰেঞ্জৰ বিষয়াসকলৰ ৷

ঘটনা সংঘটিত হোৱাৰ পাছতহে দেখা যায় ঘটনাস্থলীত বনবিভাগৰ লোকক ৷ এতিয়া পৰৱৰ্তী সময়ত অবৈধ কয়লাখনন কৰি থকা দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষী তথা বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিব নে নাই আৰু শাসকীয় চৰকাৰখনৰ ভূমিকা কি হ’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :Dhemaji Flood Update : ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পুনৰ বাগৰিছে কাংকু সুঁতিৰ বাঢ়নী পানী

ABOUT THE AUTHOR

...view details