টীয়ক,12 ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰে নিশা টীয়ক সোনাৰী মিচিং গাঁৱত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হেৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷
এই অগ্নিকাণ্ডত জাহ যায় বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ । বৃহস্পতিবাৰে নিশা লগা এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ লগতে বহু প্ৰয়োজনীয় নথি-পত্ৰ জ্বলি ভষ্মীভূত হয় ৷ লগতে জাহ যায় কেইবাটাও গৰুৰ গোহালি ৷ যাৰ বাবে গাঁওবাসীৰ মাজত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷