শদিয়া, 9 নৱেম্বৰঃ তিনিচুকীয়াৰ কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড । কাকপথাৰৰ ২ নং চেলেংগুৰি অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ শনিবাৰে সন্ধিয়া প্ৰায় পাঁচ মান বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জাহ যায় এখন গাহৰি পাম ৷ লগতে জুইত তিনিটাকৈ গাহৰিৰ পোৱালী ছাই হৈ যোৱাৰ উপৰিও গুৰুতৰভাবে আঘাট প্ৰাপ্ত হৈছে আন তিনিটাকৈ গাহৰি ৷ ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড - তিনিচুকীয়া
কোনো খনিজ জুলীয়া পদাৰ্থত অগ্নি সংযোগ হোৱাৰ ফলত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ ৰাইজৰ অভিযোগ সম্পূৰ্ণ অবৈধভাৱে ৰখা হৈছিল এই সামগ্ৰীসমূহ ৷
আনহাতে, কথমপি ৰক্ষা পৰে অঞ্চলটোত বাস কৰা কেইবাটাও পৰিয়াল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কোনো খনিজ জুলীয়া পদাৰ্থত অগ্নি সংযোগ হোৱাৰ ফলত সংঘটিত হৈছে এই ঘটনা ৷ তাৰোপৰি ৰাইজৰ অভিযোগ সম্পূৰ্ণ অবৈধভাৱে ৰখা হৈছিল এই সামগ্ৰীসমূহ ৷
ইমানেই নহয় বৃহৎ পৰিমাণৰ পেট্ৰ'লিয়াম জাতীয় সামগ্ৰী এই জনবসতি ঘন এলেকাত ক'ৰ পৰা কেনেকৈ আহিল আৰু ইয়াৰ গৰাকী কোন সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ স্থানীয় ৰাইজৰ দাবী আৰক্ষীয়ে এই বিষয়টোৰ উপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷