অসম

assam

ETV Bharat / state

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে লাচিত সেনাৰ এজাহাৰ - আমিনুল ইছলাম

আহোম জনগোষ্ঠীৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ অহা ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে তিনিচুকীয়াৰ ডুমডুমাত এজাহাৰ দাখিল লাচিত সেনাৰ ৷

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে লাচিত সেনাৰ এজাহাৰ
বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে লাচিত সেনাৰ এজাহাৰ

By

Published : Feb 12, 2020, 9:55 PM IST

ডুমডুমা, 12 ফেব্ৰুৱাৰীঃআহোম জনগোষ্ঠীক লৈ ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে অসমৰ বিভিন্ন দল-সংগঠন । বিধায়ক আমিনুল ইছলামে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি ডুমডুমা আৰক্ষী থানাত বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এখন এজাহাৰ দাখিল কৰে । আহোম সকলৰ প্ৰতি কৰা অপমানসূচক মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি বিধায়ক ইছলামক সকীয়াই দিয়ে । আৰক্ষী প্ৰশাসনে বিধায়ক আমিনুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে বিধায়কগৰাকীয়ে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাই বীৰ লাচিত সেনাই ।

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে লাচিত সেনাৰ এজাহাৰ

ABOUT THE AUTHOR

...view details