অসম

assam

ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ - তিনিচুকীয়া সদৰ থা

চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনক এখন ৰঙা ৰঙৰ মাৰুটী বেলেন’ বাহনেৰে এচক'ৰ্ট দি লৈ যোৱা কুখ্যাত তেলচোৰ তথা মাকুম নিৱাসী জিতেন গগৈ (৪৪)য়ে নিৰাপত্তাৰক্ষী দলটোৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হৈছিল ৷ আনহাতে ঘটনা সন্দৰ্ভত তদন্ত চলাই তিনিচুকীয়া সদৰ থানাৰ অ’ চি নিতুল দাস আৰু পেঙেৰী থানাৰ অ’ চি শ্ৰীকুমাৰ নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজি পেঙেৰী থানাৰ অন্তৰ্গত দুৱাৰমৰা আদৰ্শ গাঁও নিৱাসী অচ্যুৎ ঢেকীয়াল ফুকন ওৰফে চুচনৰ ঘৰত আত্মগোপন কৰি থকা জীতেন গগৈক বিচাৰি অভিযান চলায় ৷

Finally Detention jiten gogoi by the police
অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ

By

Published : Jul 17, 2020, 5:07 PM IST

Updated : Jul 17, 2020, 5:17 PM IST

তিনিচুকীয়া,17জুলাইঃঅসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য ৷ অৱশেষত আজি তিনিচুকীয়া সদৰ আৰু পেঙেৰী আৰক্ষীয়ে যুটীয়া অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় মাকুমৰ কুখ্যাত তেল চোৰ জীতেন গগৈক ৷

উল্লেখ্য যে, যোৱা ১৪ জুলাইৰ নিশা চোৰাং তেলচক্ৰৰ বিৰুদ্ধে অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা তিলেশ্বৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল ভৰ্তি এ এছ ০১-চিচি ৫৪২৩ নম্বৰৰ টেংকাৰখন জব্দ কৰাৰ লগতে বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনক এখন ৰঙা ৰঙৰ মাৰুটী বেলেন’ বাহনেৰে এচক'ৰ্ট দি লৈ যোৱা কুখ্যাত তেলচোৰ তথা মাকুম নিৱাসী জিতেন গগৈ (৪৪)য়ে নিৰাপত্তাৰক্ষী দলটোৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হৈছিল ৷

অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ

আনহাতে ঘটনা সন্দৰ্ভত তদন্ত চলাই তিনিচুকীয়া সদৰ থানাৰ অ’ চি নিতুল দাস আৰু পেঙেৰী থানাৰ অ’ চি শ্ৰীকুমাৰ নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজি পেঙেৰী থানাৰ অন্তৰ্গত দুৱাৰমৰা আদৰ্শ গাঁও নিৱাসী অচ্যুৎ ঢেকীয়াল ফুকন ওৰফে চুচনৰ ঘৰত আত্মগোপন কৰি থকা জীতেন গগৈক বিচাৰি অভিযান চলায় ৷কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই বাহনসহ পলায়ন কৰে ৷ ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে অচ্যুৎ ঢেকীয়াল ফুকনক লগত লৈ জীতেন গগৈক অনুসৰণ কৰি নিকটৱৰ্তী জাহাজগিৰা গাঁৱত অভিযান চলায় ৷ ইপিনে আৰক্ষীৰ দলটোক সমুখত দেখি বাহন এৰি জীতেন গগৈয়ে গাঁৱৰ পথাৰেদি দৌৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ দলটোৱে কুখ্যাত তেলচোৰ জিতেন গগৈক আটক কৰিবলৈ সক্ষম হয় ৷

Last Updated : Jul 17, 2020, 5:17 PM IST

ABOUT THE AUTHOR

...view details