অসম

assam

ETV Bharat / state

আলফা(স্বা:)ৰ নামত ধন দাবী কৰি ডুমডুমাত আটক তিনি যুৱক - ডুমডুমাত আটক তিনি যুৱক

ডুমডুমা ৰূপবনৰ এজন লোকক ম'বাইল ফোনযোগে আলফা(স্বা:)ৰ নামত ৩০ লাখ টকা দাবী কৰিছিল যুৱক কেইজনে । ৰূপবনৰ লোকজনে ধন দাবী সম্পৰ্কে ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে ধন দাবী কৰা ম'বাইল নম্বৰ ট্ৰেক কৰি যুৱক তিনিজনক আটক কৰে ।

fake-ulfa-memebr-arrested-at-doomdooma
আলফা(স্বা:)ৰ নামত ধন দাবী কৰি ডুমডুমাত আটক তিনি যুৱক

By

Published : Nov 14, 2020, 3:33 PM IST

ডুমডুমা, 14নৱেম্বৰঃ আলফা(স্বা:)ৰ নামত ৩০ লাখ টকা ধন দাবী কৰি ডুমডুমাত আটক তিনিজন যুৱক । আটকাধীন যুৱক কেইজন কাকপথাৰ বৰালিৰ পাপুকন মৰাণ, লাজুমপথাৰৰ উৎপল গোঁহাই আৰু তালাপৰ দেৱজিৎ গোঁহাই ।

উল্লেখযোগ্য যে, ডুমডুমা ৰূপবনৰ এজন লোকক ম'বাইল ফোনযোগে আলফা(স্বা:)ৰ নামত ৩০ লাখ টকা দাবী কৰিছিল যুৱক কেইজনে । ৰূপবনৰ লোকজনে ধন দাবী সম্পৰ্কে ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে ধন দাবী কৰা ম'বাইল নম্বৰ ট্ৰেক কৰি যুৱক তিনিজনক আটক কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধনদাবী ঘটনাটোৰ লগত মুঠ চাৰিজন যুৱক জড়িত হৈ আছে যদিও এজন বৰ্তমান পলাতক হৈ আছে । উল্লেখযোগ্য যে, ডুমডুমা অঞ্চলত বিগত কিছুদিনৰ পৰা অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

ABOUT THE AUTHOR

...view details