অসম

assam

By

Published : Mar 11, 2021, 2:28 PM IST

ETV Bharat / state

ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটা বিজেপি নেতাৰ

ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ সম্পাদকৰ চছিয়েল মিডিয়া ফেচবুক পোষ্টক লৈ বিতৰ্ক ৷ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি নেতা ভাদেশ্বৰ মৰাণৰ প্ৰতিক্ৰিয়া ৷

ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটা বিজেপি নেতাৰ
ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটা বিজেপি নেতাৰ

শদিয়া,11 মাৰ্চ: ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ এগৰাকী সম্পাদকে সামাজিক মাধ্যম ফেচবুকত দিয়া কেইটামান পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটাত ৷ সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰাৰ পাছতেই ই টিভি ভাৰতত মন্তব্য কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি ভাদেশ্বৰ মৰাণে ৷ বিপুল শৰ্মা নামৰ ৰাইজৰ দলৰ সম্পাদকজনে "ছয় বছৰীয়া অসম আন্দোলনৰ সময়ত মাৰ্ঘেৰিটা বাবুল হল চাৰিআলিত থকা শ্বহীদ বেদী ভঙাৰ আঁৰত থকা লোক কেইজনৰ কথা পাহৰিলে ছাগে" বুলি ফেচবুকত পোষ্ট কৰিছিল ৷

ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটা বিজেপি নেতাৰ

পোষ্টবোৰ মাৰ্ঘেৰিটা সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী সঞ্জৱ দেৱক উদ্যেশ্যি কৰা হৈছে নেকি বুলি ৰাইজৰ দলৰ সম্পাদকক প্ৰশ্ন কৰে বিজেপিৰ নেতা ভাদেশ্বৰ মৰাণে ৷ পোষ্টটো বিয়পি পৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তিনিচুকীয়া জিলাখনত ৷


লগতে পঢ়কঃবগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই

ABOUT THE AUTHOR

...view details