শদিয়া, ৪ জুন :ৰাজ্যত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে একাংশ ভুৱা সাংবাদিকৰ দপদপনি । একাংশ লোকে ফেচবুক পেজ একোটা খুলিয়ে সাংবাদিক বুলি কৈ ঘুৰি ফুৰা দেখা গৈছে । আনকি সেই ভুৱা সাংবাদিকসকলে অসামাজিক কামত লিপ্ত হোৱাৰো বহু অভিযোগ উত্থাপন হৈছে ।
এইবাৰ কাকপথাৰত আটক এটা ফেচবুক পেজৰ সাংবাদিক । কাকপথাৰ প্ৰেছ ক্লাৱৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তথাকথিত সাংবাদিক জনক । বৰুণ বাচাক নামৰ যুৱকজনে নিজৰ বাহনখনত প্ৰেছ লিখি সান্ধ্য আইনৰ সময়চোৱাতো ঘুৰি ফুৰা প্ৰত্যক্ষ কৰিছিল অঞ্চলটোৰ সাংবাদিকসকলে । মৰিয়নিৰ যুৱকজনে কেনেদৰে সান্ধ্য আইনৰ সময়চোৱাত আন্তঃজিলা যাতায়াত বন্ধ থকা আন এখন জিলাৰ পৰা আহিলে তাকলৈও প্ৰশ্ন তুলিছে একাংশ সাংবাদিকে ।