অসম

assam

ETV Bharat / state

চাহ শ্ৰমিকক সঠিক দিশত আগুৱাই নিয়াৰ সংকল্প অগপৰ - অসম গণ পৰিষদ

Asom Chah Parishad : অসম চাহ পৰিষদৰ বৰ্ধিত কাৰ্যনিবাহক সভাত অংশ ল’লে অগপৰ সভাপতি অতুল বৰাই ৷ ২০২৪ৰ নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ আহ্বান নেতাগৰাকীৰ ৷

AGP president Atul Bora
Assam Tea Council

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 8:21 PM IST

চাহ শ্ৰমিকক সঠিক দিশত আগুৱাই নিয়াৰ সংকল্প অগপৰ

তিনিচুকীয়া, ২৭ ডিচেম্বৰ: তিনিচুকীয়াত চিৰাপট্টিস্থিত অসম গণ পৰিষদ দলৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বুধবাৰে অসম চাহ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

শতাধিক দলীয় নেতা সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা । তাৰোপৰি অসম চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰা, সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দীৰ লগতে জিলা সমিতিসমূহৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে ৷

উক্ত সভাত সভাপতি অতুল বৰাই সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত অসমৰ অন্যতম পিছপৰা চাহ জনগোষ্ঠীটোক সঠিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম চাহ পৰিষদে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ লগতে আগন্তুক লোকসভা আৰু পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যাতে সাংগঠনিক ভেটি শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয় ৷

অগপৰ সভাপতি অতুল বৰাই লগতে কয় যে ইতিমধ্যে তেওঁলোকৰ অন্য এক ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে ৰাজ্যৰ বহু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অৱতীৰ্ণ হৈ সুফল লাভ কৰিছে ৷ অগপ দললৈও বহুতো যুৱক-যুৱতীৰ আগমন ঘটিছে, যি দলটোক নতুন তেজ যোগান ধৰিছে ৷ চাহ পৰিষদেও শৰ্মিকসকলৰ মাজত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক আঁচনিৰ সুফল লাভৰ বাবে বাট দেখুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৩ বৰ্ষৰ অৱলোকন

ABOUT THE AUTHOR

...view details