অসম

assam

ETV Bharat / state

Lok Sabha Election 2024 : মূল্যবৃদ্ধিৰ বাবে এই মজুৰীৰে নচলা হৈছে চাহ শ্ৰমিকৰ পৰিয়াল, লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত - Lakhimpur lok sabaha tea garden

আকৌ পালেহি লোকসভা নিৰ্ভাচন ৷ কিন্তু যোৱাটো নিৰ্বাচনৰ সময়তে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক বাহ বাগিচা অঞ্চলৰ লোকে দেখা, তাৰ পাচত এই পৰ্যন্ত দেখা নাই ৷ ইফালে দামবৃদ্ধিৰ জুইকুৰাত দগ্ধ হৈছে চাহ শ্ৰমিকসকল ৷ লাভ কৰা মজুৰীৰে পূৰাব পৰা নাই পেট, চলাব পৰা নাই পৰিয়াল ৷

Lok Sabha Election 2024
লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:39 PM IST

লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত

তিনিচুকীয়া, ৪ নৱেম্বৰ : নিৰ্বাচন আহে নিৰ্বাচন যায়, কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নাই৷ “নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই প্ৰৱেশ কৰে চাহ বাগিচাত, কিন্তু নিৰ্বাচনৰ পাচত যেন বাগিচাৰ ৰাস্তাই পাহৰি যায় সেইগৰাকী নেতাই ৷” এয়া আমাৰ কথা নহয়, এয়া লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা বিধানসভা সমষ্টিৰ তিনিচুকীয়া জিলাৰ চান্দমাৰী চাহ বাগিচাৰ শ্ৰমিকৰ অভিযোগ ৷

সমাগত লোকসভাৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চান্দমাৰী চাহ বাগিচাত ETV Bharat, অসমৰ সাংবাদিক উপস্থিত হৈ চাহ শ্ৰমিকৰ মনৰ ভাৱ জানিবলৈ বিচৰাত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে শ্ৰমিকসকলে ক্ষোভ উজাৰে আৰু একাংশ শ্ৰমিকে কয় যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সকলো দলেই বাগিচালৈ আহি সকলো সমস্যা সমাধান কৰাৰ কথা কৈ যায়, কিন্তু সেই সমস্যা সমস্যাই হৈ থাকে৷ বাগিচাখনত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক দেখাই নাই৷ মাথোঁ ভোট বিচাৰি আহে আৰু ৰজা হৈ সকলো পাহৰি যায় ।

ইফালে, শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি থকা হৈছে যদিও মাত্ৰ ১৮ টকা বৃদ্ধি কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে ৷ যিটো হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে ২৫০ টকাৰ মজুৰীৰে এটা পৰিয়াল চলাটো অসম্ভৱ হৈ পৰিছে ৷ পূৰ্বে যেনেদৰে মজুৰী কম আছিল তেনেকৈ সামগ্ৰীৰ মূল্যও কম আছিল ৷ এতিয়া চাউল, আটা, ৰন্ধন গেছ, বিদ্যুতৰ বিলকে আদি কৰি সকলোৰে অত্যধিক বৃদ্ধি হৈছে ।

কিছুমানে সুলভ মূল্যৰ চাউল আৰু চৰকাৰী বাসগৃহ লাভ কৰিছে যদিও অধিকাংশই লাভ কৰা নাই চৰকাৰী আঁচনি ৷ আনহাতে, ৰাস্তা-ঘাট নিৰ্মাণ কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰি ব্যতিক্ৰম কিছু কাম কৰিবলৈ দাবী জনায় ৷ গতিকে দলীৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচনৰ প্ৰাকক্ষণত বাগিচাত প্ৰৱেশ কৰাৰ বিপৰীতে এগৰাকী সাধাৰণ লোক হিচাবে আহি বাগিচাৰ সমস্যা বুজ ল’ব লাগে ৷ মাথো ভোটৰ লালসাত বাগিচাত আহি প্ৰৱেশ কৰিব নালাগে ।

উল্লেখযোগ্য যে, বৃহত্তৰ চান্দমাৰী চাহ বাগিচাত এটাই জল জীৱন মিছনৰ প্ৰকল্প নিৰ্মাণ কৰিছিল যদিও এতিয়া দীৰ্ঘদিনৰ পৰা প্ৰকল্পটোত নাই খোৱাপানীৰ সু-ব্যৱস্থা । প্ৰকল্পটোৰ পানী পৰিবাহী পাইপ বহু স্থানত নষ্ট হৈ আছে৷ গতিকে “আছে গৰু নাবাই হাল, তাতকৈ গৰু নথকাই ভাল” বাক্যশাৰীকে আওৰাইছে বাগিচাখনৰ খাটিখোৱা শ্ৰমিক ৰাইজে ৷ এতিয়া পৰৱৰ্তী সময়ত লোকসভাৰ নিৰ্বাচনত চাহ বাগিচাৰ শ্ৰমিকৰ ভূমিকা নিশ্চয়কৈ লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Lok Sabha election 2024: শোণিতপুৰৰ বাগিচাত প্ৰভাৱ বিস্তাৰ কৰিব কোনে ?

ABOUT THE AUTHOR

...view details