অসম

assam

ETV Bharat / state

Missing case in Tinsukia : ডুমডুমা আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগত সৰব প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ - doom dooma girl missing

তিনিচুকীয়াৰ চাহ বাগিচা অঞ্চলৰ পৰা বিগত সময়চোৱাত কেইবাগৰাকীও কিশোৰী-যুৱতী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে ৷

Missing case in Tinsukia
ডুমডুমা আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগত সৰব প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:59 PM IST

ডুমডুমা আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগত সৰব প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ

তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাওঁ তথা চাহ বাগিচা অঞ্চলৰ পৰা বিগত সময়চোৱাত কেইবাগৰাকীও কিশোৰী-যুৱতী সন্ধানহীন হোৱা বুলি চাঞ্চল্যকৰ অভিযোগেৰে ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জেষ্ঠ কংগ্ৰেছ নেতা দুৰ্গা ভূমিজে এক সংবাদমেলৰ আয়োজন কৰে । ভুক্তভূগী কিশোৰী-যুৱতীৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে দূৰ্গা ভূমিজে ।

প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ২ নং ওপৰ তালাপৰ চম্পা তাঁতী, বঙালী বালিজানৰ মহেশৰ দাস, ডুমডুমাৰ তনুজা বেগম আৰু অতি শেহতীয়াকৈ ডুমডুমা ৰূপাইৰ ৯ বছৰীয়া ৰশ্নি শ্বাহৰ সন্ধানহীনৰ ঘটনা সংঘটিত হৈছে । দুৰ্গা পূজাৰ দশমীৰ পৰা সন্ধানহীন হোৱা ৰূপাইৰ ৯ বছৰীয়া কিশোৰী ৰশ্নি শ্বাহৰ সন্ধান উলিওৱাত জিলা প্ৰশাসন-আৰক্ষী প্ৰশাসন চূড়ান্তৰূপে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি এই ঘটনাৰ CBI তদন্তৰ দাবী কৰে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে ।

অন্যহাতে, স্নিফাৰ ড'গ আনি অনুসন্ধান কৰাৰ ঠাইত প্ৰশাসনে NDRFৰ দল আনি সন্ধান চলোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ ইফালে, এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ কৰি ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ শাস্তিমূলক বদলিকৰণৰ দাবী জনাই ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

"চৰকাৰে চন্দ্ৰত গৈ পানী ক'ত আছে বা মানুহ থাকিব পাৰেনে নোৱাৰে পৰীক্ষা কৰিব পাৰিছে কিন্তু ডুমডুমাৰ পৰা এগৰাকী কণমানি ছাত্ৰী হেৰাইছে সেয়া তেওঁলোকে অনুসন্ধান কৰিব পৰা নাই" বুলিও ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে এই সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক :Kangana Ranaut: মুখ্যমন্ত্ৰী যোগীয়ে চাব কংগনা ৰানাৱটৰ তেজস, ক’ত আৰু কেতিয়া চাব জানি লওক

ABOUT THE AUTHOR

...view details