শদিয়া, 1 জুলাইঃ বুধবাৰে শদিয়া সমষ্টিৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ৷ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাই ১২৬ নং শদিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকপথাৰ, তালাপ, ডাঙৰী, ধলা, শদিয়া আদি অঞ্চলৰ শিবিৰসমূহ পৰদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৷ লগতে বিভিন্ন আশ্ৰয় শিবিৰত তেওঁ বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী, আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে, থকাৰ ব্যৱস্থাৰ বাবে টিৰপাল আদি বিতৰণ কৰে ৷
শদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ - শদিয়া সমষ্টি
বুধবাৰে শদিয়া সমষ্টিৰ ভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ লয় প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ৷ লগতে শদিয়াৰ ঘোৰামৰা গাঁৱত বন্যহস্তীৰ উপদ্ৰবৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰো পৰিস্থিতিৰো বুজ লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
![শদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ex minister jagadish bhuyan visited flood effected areas in sadia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7843423-thumbnail-3x2-kk.jpg)
ex minister jagadish bhuyan visited flood effected areas in sadia
শদিয়াৰ বানাক্ৰান্ত লোকৰ পৰিস্থিতি বুজ ল'লে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই
ইয়াৰ সমান্তৰালকৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে শদিয়াৰ ঘোঁৰামৰা গাঁৱত বিগত কেইবাদিনৰ পৰা, বন্যহস্তীয়ে কৰি অহা উপদ্ৰৱৰ ফলত ক্ষতিগ্ৰস্ত পৰয়ালসমূহৰো বুজ লয় ৷ ক্ষতিগ্ৰস্ত লোকৰ মাজত উপস্থিত হৈ ৰাইজক সকাহ দিবলৈ, যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃজীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী