ডুমডুমা, 11 নৱেম্বৰঃ ডুমডুমা নগৰত সোমবাৰে পৌৰসভাৰ সহযোগত চক্ৰবিষয়াৰ উপস্থিতিত চলে উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি পদপথত অবৈধভাৱে দখল কৰি থকা দোকানগৃহসমূহ উচ্ছেদ কৰে চক্ৰবিষয়াই ৷
ডুমডুমাত পৌৰসভাৰ উচ্ছেদ অভিযান
ডুমডুমা নগৰত সোমবাৰে পৌৰসভাৰ উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি পদপথত অবৈধভাৱে দখল কৰি থকা দোকানগৃহসমূহ উচ্ছেদ কৰে চক্ৰবিষয়াই ৷
লগতে পঢ়কঃ জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল
ডুমডুমা নগৰৰ বিভিন্ন পদপথত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি বহুদিনৰ পৰা ব্যৱসায় চলাই আহিছিল । পদপথত থকা দোকানসমূহৰ বাবেই একাংশ পথাচাৰীৰ লগতে জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷ বাৰম্বাৰ জাননী জাৰী কৰাৰ পিচটো প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি আহিছিল এইসমূহ ব্যৱসায়ীয়ে ৷ যাৰ বাবে সোমবাৰে এইদৰে উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ স্থানীয় চক্ৰবিষয়াৰ উপস্থিতিত চলে এই উচ্ছেদ অভিযান ৷ নগৰখনৰ পদপথসমূহ সম্পূৰ্ণপৰূপে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব বুলি জনায় চক্ৰবিষয়াগৰাকীয়ে ৷