তিনিচুকীয়া,২৫ ফেব্ৰুৱাৰী :তিনিচুকীয়া জিলাৰ ডিগবৈ শোধনাগাৰে ইথান'লযুক্ত পেট্ৰল উৎপাদনৰ কাম আৰম্ভ কৰিছে (Ethanol blending at Digboi refinery)। শনিবাৰে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ গোল্ডেন জুবিলী কমপ্লেক্সৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা অৱগত কৰে অসম তেল সংমণ্ডল কতৃপক্ষই । ডিগবৈ শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক (টেকনিকেল ছাৰ্ভিচ) সুশান্ত কুমাৰ দাস, মহাপ্ৰৱন্ধক ধনজিৎ বৈশ্য আৰু মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক কমল বসুমতাৰীয়ে সম্বোধন কৰা সংবাদমেলত ইথান'ল যুক্ত পেট্ৰল উৎপাদনৰ বিষয়ে অৱগত কৰা হয় ।
কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়া ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ১ মেট্ৰিক টনলৈ বৃদ্ধি কৰা প্ৰাৰম্ভিক কাম কাজো আৰম্ভ হৈছে বুলি উল্লেখ কৰে । ইফালে ২০২৫ চনৰ পৰা ডিগবৈ শোধনাগাৰৰ ক্ষমতা ১ মিলিয়ন মেট্ৰিক টন বৰ্দ্ধিত শোধন ক্ষমতাৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও সংবাদমেলত উল্লেখ কৰা হয় । ইয়াৰ বাবে ব্যয় প্ৰায় ৭৪০ কোটি টকা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে (IOCL press conference in Digboi)।
সংবাদমেলত ডিগবৈ শোধনাগাৰে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত বিগত সময়বোৰত কৰা কাম কাজৰ খতিয়ান দাঙি ধৰা হয় (Social responsibility scheme of IOCL)। ডিগবৈ শোধনাগাৰক বিভিন্ন বিভাগৰ বিষয়া, এঅ'চি লেবাৰ ইউনিয়নৰ সভাপতি মুখেশ্বৰ দাস, উপ-সভাপতি ৰাজেন চুতীয়া তথা ডিগবৈৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা সংবাদমেলখন বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াৰ দ্বাৰা ৰচিত আৰু জুবিন গাৰ্গে কণ্ঠদান কৰা ডিগবৈ পনীয়া সোণৰ গীতটোৰে শুভাৰম্ভ কৰা হয় ।