বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰিব পাৰিবনে বিধায়কে - মাৰ্ঘেৰিটা সাংবাদিক সংস্থা
অস্তিত্বৰ সংকটত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰফাকিয়াল গাঁও ৷ তিনিশ বছৰৰো অধিক পুৰণি গাওঁখনৰ এক বৃহৎ ভূমিখণ্ড জাহ গৈছে বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াত । যাৰ বাবে সৰ্বস্বান্ত হৈ সিংহভাগ পৰিয়ালেই গাওঁ এৰি অন্য স্থানলৈ স্থানান্তৰিত হৈছে । ইফালে বিধায়ক ভাস্কৰ শৰ্মাই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি আশ্বাস দিছে ৰাইজক ৷
বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰাৰ আশ্বাস বিধায়ক ভাস্কৰ শৰ্মাৰ
মাৰ্ঘেৰিটা,8 মে'ঃ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেটেতং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰফাকিয়াল গাঁও খন প্ৰায় অস্তিত্বৰ সংকটত । তিনিশ বছৰৰো অধিক পুৰণি এই গাঁওখনৰ এক বৃহৎ ভূমিখণ্ড বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াত জাহ গৈছে । যাৰ বাবে সৰ্বস্বান্ত হৈ বেছিভাগ পৰিয়ালেই গাঁও এৰি অন্য স্থানলৈ স্থানান্তৰিত হৈছে । এনে সময়তে শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীত উপস্থিত হোৱা বিধায়ক ভাস্কৰ শৰ্মাই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।