শদিয়া, 2 ছেপ্তেম্বৰ:কাকপথাৰৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মজবাৰী গাঁৱত ধৰ্মীয় পৰম্পৰাৰে ন-দিহিঙক সন্তুষ্ট কৰিবলৈ সেৱা-প্ৰাৰ্থনা গাঁওবাসীৰ ৷ কিয়নো প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰিছে গাঁওখন ৷ কেৱল মজবাৰী গাঁৱেই নহয়, শদিয়াৰ বহুকেইখন গাঁৱৰ গাঁওবাসীৰ বাবে এতিয়া জলন্ত সমস্যা হৈছে দিহিং নৈৰ(Dihing River) গৰাখহনীয়া(Erosion) ৷
শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত খৰশ্ৰোতা ন-দিহিঙে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মজবাৰী গাঁৱত ৷ একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল এই গাঁওখনক ন-দিহিঙৰ প্ৰৱল গৰাখহনীয়াই উচন কৰি পেলাইছে ৷ নৈত জাহ যাবলৈ ধৰিছে কাজি নেমুৰ বাবে বিখ্যাত এই গাঁওখন ৷
চৰকাৰে বিশেষভাৱে ‘Lemon Village’ হিচাপে স্বীকৃতি প্ৰদান কৰা এই গাঁওখনৰ গৰাখহনীয়াৰ ওপৰত এতিয়ালৈকে সু-দৃষ্টি পৰা নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ ৷ মাথো নিৰ্বাচনৰ সময়ত ভোটৰ লোভত গাঁওবাসীক এশটা প্ৰতিশ্ৰুতি প্ৰদান কৰে জন প্ৰতিনিধিয়ে ৷ সম্প্ৰতি ন-দিহিঙৰ বুকুত গাঁওখনৰ প্ৰায় 50 মিটাৰ ভূমি জাহ যোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল