মাৰ্ঘেৰিটা,7 মাৰ্চঃঅস্তিত্বৰ সংকটত মাৰ্ঘেৰিটাৰ এখন তিনিশবছৰীয়া গাওঁ ৷ বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াৰ বাবেই অস্তিত্বৰ সংকটত এতিয়া ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰফাকিয়াল নামৰ গাওঁখন ৷ নদীৰ প্ৰৱল গৰাখহনীয়াত জাহ গৈছে তিনিশ বছৰৰো অধিক পুৰণি এই গাওঁখনৰ এক বৃহৎ ভূমিখণ্ড ৷ যাৰ ফলত ৭০ শতাংশ পৰিয়ালেই স্থানান্তৰিত হৈছে গাওঁখনৰ পৰা ।
গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ গতি সলনিৰ দৰে প্ৰচেষ্টা লৈছিল স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই, ইয়াৰ লগতে পাৰ্কুপাইনৰো ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু তাৰ পিছতো প্ৰৱল ৰূপত অব্যাহত আছে গৰাখহনীয়া ৷
মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই "অ আমাৰ গাওঁ" কাৰ্যসূচীৰ অংশবিশেষ হিচাপে উক্ত গাওঁখন পৰিদৰ্শন কৰি গৰাখহনীয়া সমস্যাৰ বুজ লয় মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই । মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই গৰাখহনীয়া প্ৰতিৰোধৰ তাৎক্ষণিক ব্যৱস্থাৰে ঐতিহাসিক গাওঁখন ৰক্ষা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৷
গৰাখহনীয়াৰ কৱলত মাৰ্ঘেৰিটাৰ এখন তিনিশবছৰীয়া গাওঁ তিনিশ বছৰৰ পূৰ্বে ব্ৰহ্ম দেশৰ পৰা অহা পিয়েতুন চেয়াডু নামৰ এজন বৌদ্ধ ধৰ্ম প্ৰচাৰকে গাঁৱখনত প্ৰতিষ্ঠা কৰিছিল এটি বৌদ্ধ মন্দিৰ । গৰাখহনীয়াৰ ফলত এই মন্দিৰটোও প্ৰায় ধবংস হোৱাৰ পথত । টাইফাকে লোকৰ বসতিস্থল উক্ত গাওঁখনত থকা মন্দিৰটোৰ পুৰণি বৌদ্ধ মূৰ্তিটো বৰ্তমান সংৰক্ষিত হৈ আছে শংকৰদেৱ কলাক্ষেত্ৰত । কিন্তু এই পুৰণি মন্দিৰটোক বৰ্তমানলৈকে ঢুকি পোৱা নাই চৰকাৰী কোনো আঁচনি তথা শেহতীয়াকৈ ৰূপায়ণ কৰা অসম দৰ্শন আঁচনিয়ে ।
লগতে পঢ়কঃচৰাইদেউ মৈদামক চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰাৰ যড়যন্ত্ৰ কাৰ ?