শদিয়া, 15 জুন :বাৰিষাৰ পূৰ্বে তৎপৰ হৈ পৰিছে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি পৰিদৰ্শন কৰি আহিছে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে কাকপথাৰ ডিৰাকৰ চুমনি মথাউৰি পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ মথাউৰিসমূহ পৰিদৰ্শন কৰা বুলি জানিবলৈ দিয়াৰ লগতে পৰ্যায় অনুসৰি মেৰামতি নতুবা নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ই ৷
কাকপথাৰৰ চুমনি মথাউৰি পৰিৰ্দশন মন্ত্ৰী পীযুষ হাজৰিকাৰ - বলিন চেতিয়া
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ৰ কাকপথাৰ ডিৰাকৰ চুমনি মথাউৰি(embankment) পৰিদৰ্শন ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে পৰ্যায় অনুসৰি মথাউৰি মেৰামতি নতুবা নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
কাকপথাৰৰ চুমনি মথাউৰি পৰিৰ্দশন পীযুষ হাজৰিকাৰ
শদিয়াৰ চুনপুৰা অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰি কাকপথাৰৰ উক্ত ডিৰাক চুমনিৰ ন-দিহিং নদীৰ গৰাখহনীয়া আৰু মথাউৰিৰ অৱস্থাৰ বুজ লৈ নাৱেৰে ডুমডুমা সমষ্টিৰ হাতীশাল অঞ্চলত গৰাখহনীয়া পৰিস্থিতিৰ বুজ লবলৈ ৰাওনা হয় ৷ মন্ত্ৰীগৰাকীক মথাউৰি পৰিৰ্দশনৰ কালছোৱাত সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা (Pradan Baruah), বিধায়ক বলিন চেতিয়া (Balin Chetiya)ই ৷
লগতে পঢ়ক: বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ক'ভিড আক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ