তিনিচুকীয়া,15 অক্টোবৰ: বুধবাৰে ডিগবৈ অইল ফিল্ডত বন্যহস্তীৰ আক্ৰমণত এজন অইল কৰ্মচাৰী নিহত হোৱাৰ লগতে কথমপি ৰক্ষা পৰে আন 5 জন কৰ্মচাৰী ৷
ঘটনা অনুসৰি,বুধবাৰে বিয়লি প্ৰায় 5.30 বজাত দুলীয়াজান অইলৰ পৰা ডিগবৈ অইল ফিল্ডৰ কৰ্মস্থলীলৈ AS-06-BC-5901 নম্বৰৰ এখন বলেৰ’ বাহনেৰে এটি ছয়জনীয়া দল আহি আছিল । কিন্তু দূৰ্ভাগ্যবশতঃ ঘন ডাঠ বনাঞ্চলে আগুৰি থকা ডিগবৈ অইল ফিল্ডৰ নিৰ্জন স্থানত এজাক বন্যহস্তীয়ে বিচৰণ কৰি থকা অৱস্থাত হাতীজাকৰ সৈতে গাড়ীখনৰ মুখামুখি হয় ।