মাৰ্ঘেৰিটা, 30 আগষ্টঃমাৰ্ঘেৰিটা চিমা পথাৰত বন্যহস্তীৰ কৰুণ মৃত্যু । জানিব পৰা মতে, দীৰ্ঘদিনে চিমা পথাৰ অঞ্চলত কেবাটাও বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে ৷ শনিবাৰে নিশা এটা ৩ জনীয়া বন্যহস্তীৰ দলে অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাত নামি আহিছিল ৷ ইয়াৰ পাছতে দেওবাৰে পুৱা অঞ্চলটোত স্থানীয় ৰাইজে এটা মখনা হাতী মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ।
মাৰ্ঘেৰিটাত বন্যহস্তীৰ কৰুণ মৃত্যু - Elephant death latest news
শনিবাৰে নিশা এটা ৩ জনীয়া বন্যহস্তীৰ দলে অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাত নামি আহিছিল ৷ ইয়াৰ পাছতে দেওবাৰে পুৱা অঞ্চলটোত স্থানীয় ৰাইজে এটা মখনা হাতী মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ।
মাৰ্ঘেৰিটা
লগতে পঢ়কঃবিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ
লগে লগে বন বিভাগক খবৰ দিয়াত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিতি হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোক কোনো লোকে বিদ্যুতৰ তাঁৰ পুতি হত্যা কৰা বুলি একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে বন বিভাগৰ লোকে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।