মাৰ্ঘৰিটা,৬ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ এখন গাঁৱৰ ৰাইজৰ এতিয়া আনন্দৰ সীমা নাই । কিয়নো দেশৰ স্বাধীনতাৰ প্ৰায় সাতটা দশকৰ অন্তত গাঁওবাসীয়ে দেখিছে বিজুলীবাতিৰ পোহৰ । অসম-অৰুণাচল সীমান্তৰ ওৰা নামৰ গাঁওখনৰ ৰাইজে দীৰ্ঘদিনৰ পৰা বিজুলী সংযোগৰ বাবে দাবী জনাই আহিছিল যদিও কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাছিল তেওঁলোকৰ এই দাবী ।
স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি - স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি
তিনিচুকীয়া জিলাৰ ওৰা গাঁৱৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হ'ল । বিজুলী বাতিৰ পোহৰ দেখিলে গাঁও খনৰ ৰাইজে । প্ৰধানমন্ত্ৰীৰ সৌভাগ্য় আঁচনিৰ অধীনত বিদ্য়ুৎ সংযোগ দিয়াত গাঁওখনত আনন্দময় পৰিৱেশ ।
![স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10519907-304-10519907-1612594387578.jpg)
স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি
স্বাধীনতাৰ সূদীৰ্ঘ সাতটা দশকৰ অন্তত এখন গাঁৱত বিজুলীবাতি
অৱশেষত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত প্ৰধানমন্ত্ৰীৰ সৌভাগ্য় আঁচনিৰ অধীনত বিজুলীবাতিৰ পোহৰ দেখিবলৈ সক্ষম হৈছে গাওঁবাসী । যাৰ বাবে ওৰা গাঁওখনৰ ৰাইজে এতিয়া ধন্য়বাদ জনাইছে স্থানীয় বিধায়ক তথা বিদ্য়ুত বিভাগক ।
লগতে পঢ়ক:পাথাৰকান্দিত বিধায়ক কৃষ্ণেন্দু পালে বিতৰণ কৰিলে চাহ বাগিছা ধন পুৰস্কাৰ