অসম

assam

ETV Bharat / state

নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচন

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক নিৰ্বাচন ৷ নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় ।

By

Published : Oct 14, 2020, 10:26 PM IST

Election of General Secretary of Central Committee of Nomal Chhetrik Gorkha Students' Association
নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচন

তিনিচুকীয়া, 14 অক্টোবৰ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক নোমল ছেত্ৰীক বুধবাৰে গৃহ জিলা তিনিচুকীয়াত উস্ম আদৰণি জনায় । তিনিচুকীয়াত উপস্থিত হোৱাৰ পিচতেই গোৰ্খা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক নোমল ছেত্ৰীক বাইক ৰেলীৰে বিপুল আদৰণি জনোৱা হয় ।

গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰীৰ মন্তব্য

গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলা সমিতিৰ সমূহ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে নোমল ছেত্ৰীক মাকুমৰ পৰা ধলাস্থিত নিজা বাসগৃহলৈকে আদৰি লৈ যায় । উল্লেখযোগ্য যে,বিগত 11 অক্টোবৰ তাৰিখে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ 16 সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় ।

নোমল ছেত্ৰীক গৃহ জিলাত উস্ম আদৰণি

লগতে পঢ়ক :প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ

ABOUT THE AUTHOR

...view details