তিনিচুকীয়া, ২৩ এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ লৈছে (Heavy storm in Tinsukia) ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৰাজ্যবাসীৰ ৷ শিলাবৃষ্টিয়ে ৰাইজৰ অনিষ্ট কৰাৰ লগতে প্ৰাণ লৈছে কেইবাজনো লোকৰ ৷ গতিকে এই সকলো পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তিনিচুকীয়া জিলাত কাইলৈ অৰ্থাৎ সোমবাৰে সকলো শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে (Educational institutions will close on 24th April) ৷
শনিবাৰে নিশাৰভাগত তিনিচুকীয়া জিলাখনৰ অধিকাংশ অঞ্চলতেই অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত ব্যক্তিগত আৰু ৰাজহুৱা যথেষ্ট সম্পত্তিৰ ক্ষতি হয় (Heavy Storm and hailstorm in Tinsukia) ৷ যাৰ বাবে জিলাপ্ৰশাসন, বিদ্যুত বিভাগ, বন বিভাগ, জৰুৰীকালীন বিভাগকে আদি কৰি সকলো বিভাগে ব্যস্ত হৈ পৰিছে পৰিস্থিতিৰে মোকাবিলা কৰাত ৷
প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বহু গছ ভাঙি বা উভালি পৰা ফলত বহু ঘৰ-বাৰী নষ্ট হোৱাৰ লগতে ৰাজপথ বন্ধ হৈ পৰিছে ৷ লগতে বিদ্যুতৰ খুঁটাও ভাঙি পৰিছে বহু স্থানত (Educational institutions will close Due to Storm) ৷
জিলাখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাষৰীয়া জিলা ডিব্ৰুগড়ৰ পৰা বিভাগীয় লোকৰ দল অনাৰ লগতে ইতিমধ্যে গুৱাহাটীৰ পৰা এটা দল তিনিচুকীয়ালৈ ৰাওনা হোৱা বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত স্বপ্নীল পালে ৷