তিনিচুকীয়া, ১০জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মৰাণ জনগোষ্ঠীৰ কৃতী শিক্ষাৰ্থীসকলক দেওবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সদৌ মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শৈক্ষিক বঁটা প্রদান আৰু অভিনন্দন জ্ঞাপনেৰে শিক্ষাৰ্থীসকলক শুভেচ্ছা দিয়ে ৷
সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক বঁটাপ্ৰদান আৰু অভিনন্দন অনুষ্ঠান অধিক খবৰৰ বাবে পঢ়কঃ সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ
সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাস সমিতিৰ সহযোগত আয়োজিত হোৱা অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ ভিতৰতে শতকৰা ৭৫ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা হয় বঁটা ৷ শিক্ষাৰ্থীসকলক ৰবীন মৰাণ শৈক্ষিক বঁটা,ফটিক চন্দ্ৰ বৰুৱা শৈক্ষিক বঁটা, লিহিং চন্দ্ৰ মহন্ত শৈক্ষিক বঁটা আৰু ভুৱন চুতীয়া শৈক্ষিক বঁটা প্ৰদান কৰা হয় ।
অধিক খবৰৰ বাবে পঢ়কঃঅষ্টম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট AN-32 বিমানৰ
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰী আৰু অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাকে ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডীন ড০ নিৰোদ বৰুৱা, জিলা উপায়ুক্ত অ'ইনাম চৰণ কুমাৰ সিং,জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া,কৃতি শিক্ষক দ্বীপন মৰাণ ।
এই অনুষ্ঠানতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক গিৰীণ মৰাণৰ সম্পাদনাত প্ৰকাশ পোৱা তিনিমহীয়া আলোচনী সৌমাৰ কাঁচিয়ালি উন্মোচন কৰে আৰক্ষী অধীক্ষক শিলাদিত্য চেতীয়াই। ইয়াৰ উপৰিও তিনিচুকীয়াৰ ইটিভি ভাৰতৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ সম্পাদনাত প্ৰকাশ পাই অহা কাব্য আলোচনী "কুঁহি"ৰ জুনৰ সংখ্যাতো উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডীন ড০ নিৰোদ বৰুৱাই ।