ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ - ডুমডুমাত ৭৫ খন ই-ৰিক্সা চলাচল কৰি আছে
ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ ৷ NOC নাথাকিলে পঞ্জীয়ন নিদিয়াৰ অভিযোগ জিলা পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৷
ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ
ডুমডুমা, 2 চেপ্তেম্বৰ: সোমবাৰে ডুমডুমা পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰে ই-ৰিক্সা সন্থাই ৷ নগৰখনত চলি থকা ই-ৰিক্সাৰ NOC প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ NOC নাথাকিলে পঞ্জিয়ন নিদিয়াৰ অভিযোগ জিলা পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, সম্প্ৰতি ডুমডুমাত ৭৫ খন ই-ৰিক্সা চলাচল কৰি আছে ৷ শেহতীয়াকৈ ডুমডুমা আৰক্ষীয়ে নিতৌ জৰিমনা বিহিছে পঞ্জীয়ন নথকা ই-ৰিক্সা সমূহৰ পৰা ।