তিনিচুকীয়া, ১৭ অক্টোবৰ : সন্মুখত শাৰদীয় দুৰ্গা পূজা ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো প্ৰস্তুতি তুংগত উঠিছে ৷ বিভিন্ন মণ্ডপ নিৰ্মাণ কৰিছে ভিন্ন ৰূপত । সমান্তৰালভাৱে মণ্ডপসমূহে বিভিন্ন বাৰ্তা ৰাইজৰ মাজত প্ৰচাৰৰ বাবে সাজু হৈছে ৷ তিনিচুকীয়াৰ বিভিন্ন পূজা মণ্ডপতকৈ এক ব্যতিক্ৰম ৰূপ দিছে শ্ৰীপুৰীয়াৰ পূৰ্বাঞ্চল দূৰ্গাপূজা সমিতিয়ে ৷
শ্ৰীপুৰীয়াৰ পূৰ্বাঞ্চল দুৰ্গা পূজা সমিতিয়ে বৰ্তমান সমাজত তথা যুৱ প্ৰজন্মৰ মাজত ব্যাধি ৰূপ লোৱা মাৰাত্মক ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক ইতিবাচক বাৰ্তা বিলাবলৈ সাজু হৈছে । মণ্ডপৰ আৰম্ভণিৰে পৰাই হোকা, চিগাৰেট, গাঞ্জা, সুৰা, ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন ছবিৰ জৰিয়তে সমাজক সজাগ কৰাৰ চেষ্টা কৰিছে ৷ এইসমূহ নিচাজাতীয় দ্ৰব্যই এতিয়া সমাজত প্ৰকৃততে কেন্সাৰৰ সৃষ্টি কৰি মৃত্যুৰ মুখলৈ তিলতিলকৈ ঠেলি দিছে ৷ বৃহস্পতিবাৰৰ পৰাই ৰাইজ তথা ভক্তসকলৰ কাৰণে উদ্যোক্তাসকলে শ্ৰীপুৰীয়াৰ এই পূজা মণ্ডপ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰা হৈছে ।