অসম

assam

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:19 PM IST

ETV Bharat / state

Durga Puja 2023: উখল-মাখল তেজপুৰৰ পূজাথলী, চহা জন-জীৱনৰ লগত ৰজিতা খোৱাই পূজাৰ মণ্ডপ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ বহুকেইটা অঞ্চলত আকৰ্ষণীয় ৰূপত সজাই তোলা হয় মা দুর্গাৰ মণ্ডপ । ইয়াৰ মাজতে তেজপুৰৰ কেতেকীবাৰীত সম্পূৰ্ণ চহা গাঁৱৰ এক প্ৰাকৃতিক জীৱন্ত পৰিৱেশে সকলোৰে দৃষ্টি নিবদ্ধ কৰিছে ৷

চহা জন জীৱনৰ লগত ৰজিতা খোৱাই পূজাৰ মণ্ডপ
চহা জন জীৱনৰ লগত ৰজিতা খোৱাই পূজাৰ মণ্ডপ

চহা জন জীৱনৰ লগত ৰজিতা খোৱাই পূজাৰ মণ্ডপ

তেজপুৰ, ২৩ অক্টোবৰ:তেজপুৰতউখল মাখল পৰিৱেশ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ বহুকেইটা অঞ্চলত আকৰ্ষণীয় ৰূপত সজাই তোলা হয় মা দুর্গাৰ মণ্ডপ । ইয়াৰ মাজতে তেজপুৰৰ কেতেকীবাৰীত সম্পূৰ্ণ চহা গাঁৱৰ এক প্ৰাকৃতিক পৰিৱেশ জীৱন্ত ৰূপত প্ৰকাশ কৰিছে । ফলত এই মণ্ডপটোত পূজাৰ থলুৱা আচবাবসমূহৰ বাবে দৰ্শকৰ অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইফালে ১৯১৫ চনতেই তেজপুৰত স্থাপিত কামৰূপীয় সনাতন ধৰ্মমণ্ডলীয়ে অনুষ্ঠিত কৰা সাৰ্বজনীন দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ হ’ল লোক সংস্কৃতিৰ প্ৰতিফলন ৷ পূজা উপলক্ষে এইবাৰো লোক সংস্কৃতিৰ সমাহাৰ ঘটিছে এই মণ্ডপটোত ৷ এইখন পূজা মণ্ডপত ওজাপালি আৰু আমন্ত্ৰিত স্থানীয় নাগাৰা নাম দলৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

আনফালে নেপালীপট্টিৰ মধ্য তেজপুৰ যুৱক সংঘই আয়োজন কৰা দুৰ্গা পূজাৰ দৃষ্টি নন্দন মণ্ডপে তেজপুৰৰ দুৰ্গোৎসৱক অনন্য ৰূপ দিছে ৷ যোৱা আগষ্ট মাহৰ পৰাই পৰিকল্পনাৰে সজোৱা মণ্ডপ আৰু আলোকসজ্জাই তেজপুৰ চহৰৰ অন্যতম আকৰ্ষণীয় পূজা হিচাপে পৰিগণিত হৈছে ৷

ইয়াৰ সমান্তাৰলকে বাৰিকাচুবুৰীৰ দেৱনাথ পৰিয়ালৰ পূজাত কৰা আলোকসজ্জাই সকলোকে আকৰ্ষিত কৰিছে ৷ ইয়াৰোপৰি মাৰোৱাৰী ধৰমশালাৰ দুৰ্গা পূজাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ধৰম শালাৰ পৰিৱৰ্তে পল’ ফীল্ডত কলহ যাত্ৰা, ডিজনীলেণ্ড, ৰামমন্দিৰ আৰ্হিৰ মণ্ডপ তথা স্মৃতিগ্ৰন্থ প্ৰকাশৰ উপৰি ঢাকি আদিৰ উপৰি আলোকসজ্জা, বিভিন্ন বিপণীৰে অন্যতম আকৰ্ষণ হৈ উঠিছে ৷ একেদৰে ড৹ পূৰ্ণ নাৰায়ণ সিংহ পথত পূজা উপলক্ষে পৰিলক্ষিত হৈছে আলোক সজ্জাৰ সমাহাৰ ৷ ৰুদ্ৰপাল পূজা সমিতিৰো এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আলোকসজ্জা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠাৰ আয়োজন কৰা হৈছে ৷

তেজপুৰৰ ৰামকৃষ্ণ মিছনত দুৰ্গা পূজা আৰু বাসন্তী পূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ হৰি সভা, মধ্যপাৰা দক্ষিণা কালী মন্দিৰ, ৰাবাৰ বাগানৰ চণ্ডী মণ্ডপ, বাৰহলীয়াৰ অজন্তা ক্লাবৰ দুৰ্গা পূজা, লম্বোদৰ বৰা পথৰ পূজা, ভৈৰৱ নগৰ টিলা, মধ্য তেজপুৰ যুৱক সংঘই আয়োজন কৰা নেপালীপট্টিৰ স্থায়ী দুৰ্গা মণ্ডপৰ পূজা, মহাভৈৰৱ হৰিজন কলনী, তিনি মাইল উৰিয়ামগুৰিৰ পূজা, ৰুদ্ৰপাল সমিতি দুৰ্গা পূজা, দুৰ্গাবাড়ী এম্বাৰ্চ ক্লাব প্ৰণিধানযোগ্য ৷

তেজপুৰ জাহাজঘাটাৰ হিন্দুস্থানী দুৰ্গা পূজা সমিতিয়ে মাৰ্বল পাত্থৰৰ দুৰ্গা মূৰ্তি স্থাপন কৰি দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰি আহিছে ৷ আনহাতে গৰৈমাৰী সৰ্ব্বজননী দুৰ্গা পূজাও পুৱাৰে পৰা আৰম্ভ হয় আৰু ইয়ালৈ যথেষ্ট ভক্তৰ সমাগম ঘটিছে ৷

ডেকাৰগাঁও ঊষা নাট্য মন্দিৰৰ দুৰ্গা পূজাৰ বৃহৎ আকৃতিৰ মুৰ্তি সাজিছে প্ৰবীন শিল্পী টংকেশ্বৰ কলিতাই ৷ ইপিনে বাঁহবাৰী ঊষা-নাট্য সমাজৰ দুৰ্গা পূজা, দাধৰা বামুণ চুবুৰী শিশু বিকাশ কল্যাণ কেন্দ্ৰৰ দুৰ্গা পূজা,কেতেকীবাৰী সাৰ্বজনীন দুৰ্গাপূজা, ঘৰপৰা চুবুৰীৰ জ্ঞানোদয় পুথি ভৰাঁলৰ প্ৰাংগনৰ মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজা, নপাম লক্ষী মন্দিৰৰ ৰাজহুৱা দুৰ্গা পূজা, নুৰবাৰীৰ চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ দুৰ্গা পূজা, পল’ফিল্ড বামুণ গাঁৱৰ দুৰ্গা পূজা তেজপুৰৰ অন্যতম পুৰনি পূজাথলীত শংখ উৰুলিৰে মাংগলিক পৰিৱেশৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, ঘৰপৰা চুবুৰীৰ মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজাত দেৱী নাম,আৰতি, অসমীয়া সাজপাৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ উপৰি লক্ষ্মী পূজাৰ পিছৰ দুদিনত দুদিনীয়াকৈ ভাওনা পৰিৱেশন কৰা হ’ব ৷ তেজপুৰৰ লালমাটি ৰাজহুৱা পূজাই এইবাৰ ৭৫ বছৰ পূৰ্ণ কৰাত ইয়াতো আলোকসজ্জাৰ লগতে মণ্ডপৰ বিশেষ সজ্জাই ৰাইজক আকৰ্ষণ কৰিছে ৷ উল্লেখযোগ্য যে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি, পিঠাখোৱা, ডিপোটা, বেছেৰীয়া, পৰ্বতীয়া, পৰোৱা, মৰাভৰলীপাৰ, শইকীয়া চুবুৰী, চানমাৰি, আদি অঞ্চলত উচাহ উদ্দীপনাৰে জিলাখনৰ অন্য প্ৰান্তৰ দৰেই শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰা হৈছে ৷ কেৱল তেজপুৰতে শতাধিক তথা পাৰ্শ্বৱৰ্তী অঞ্চলতো প্ৰায় ৮০ খন পূজাৰ উপৰি সমগ্ৰ শোণিতপুৰত ছয় শতাধিক শাৰদীয় দুৰ্গা পূজাস্থলীত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি ৷

লগতে পঢ়ক:Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details