অসম

assam

By

Published : Oct 23, 2020, 11:56 AM IST

ETV Bharat / state

তিনিচুকীয়াত পূজা মণ্ডপলৈ প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিয়ম

তিনিচুকীয়াত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল দুৰ্গোৎসৱ। পূজা কমিটিলৈ প্ৰশাসনে জাৰি কৰিছে ক'ভিড প্ৰ'টকলৰ কেইবাটাও নিয়ম ৷

Durga puja at Tinsukia
তিনিচুকীয়াত পূজা মণ্ডপলৈ প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিয়ম

তিনিচুকীয়া,22 অক্টোবৰ:তিনিচুকীয়াত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল দুৰ্গোৎসৱ। পূজা মণ্ডপত নাই পূৰ্বৰ পৰিৱেশ। মহামাৰী ক'ভিডৰ বাবে উকা হৈ ৰৈছে পূজা মণ্ডপসমূহ। তিনিচুকীয়া জিলাত প্ৰশাসনে জাৰি কৰিছে ক'ভিড প্ৰ'টকলৰ কেইবাটাও নিয়ম ৷
(১) ক'ভিড-১৯ৰ নীতি-নিয়মসমূহ মানি চলিব লাগিব।
(২) সকলো পূজা কমিটিৰ সদস্যসকলে মাস্ক পৰিধান কৰিব লাগিব।
(৩) অস্থায়ী চাহ দোকান/খাদ্য,দোকান/পুতলা,খেলা-ধূলাৰ সামগ্ৰীৰ দোকান আদি খুলিব নোৱাৰিব।
(৪) নিশা ৯ বজাত ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰিব লাগিব আৰু কোনো লোকে ৰেষ্টুৰেণ্টত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব।
(৫) নিশা ১০ বজাত পূজামণ্ডপ বন্ধ কৰিব লাগিব।
(৬) মূৰ্তি বিসৰ্জনৰ সময়ত কোনো ধৰণৰ শোভাযাত্ৰা কৰিব নোৱাৰিব।

তিনিচুকীয়াত পূজা মণ্ডপলৈ প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিয়ম

ABOUT THE AUTHOR

...view details