অসম

assam

By

Published : May 20, 2021, 10:47 PM IST

ETV Bharat / state

বৰডুমচাত গাঁওৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

অসম-অৰুণাচল সীমান্তৱৰ্তী ২ নং মহং গাঁৱত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছ সহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

বৰডুমচাত গাঁওৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
বৰডুমচাত গাঁওৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ডুমডুমা,20মে’: দেশত ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড পৰিস্থিতি ৷ কিন্তু তাৰ মাজতে ৰাজ্যত বৃদ্ধি পাৱলৈ ধৰিছে অপৰাধ জনিত ঘটনাও ৷

প্ৰতিদিনে আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে নিচাঁজাতীয় সামগ্ৰী ৷ তাৰ মাজতে বৰডুমচাৰ মহং গাঁৱত ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাহী আটক কৰিছে গাঁওৰক্ষী বীহিনীয়ে ৷ উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী ২ নং মহং গাঁৱত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে তৎপৰতাত ড্ৰাগছ সহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

বৰডুমচাত গাঁওৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ধৃত সৰবৰাহী কেইটা অৰুণাচল প্ৰদেশৰ বৰডুমচা চাৰ্কোলৰ গিডিং নিৱাসী অইচৈদেং চাৱিং (৩৫), সংগ্ৰিণ চিংফৌ (৩৭), ৰাজেন উৰাং (৩২) আৰু গেলেঞ্জা নিৱাসী ইন্দ্ৰেশ্বৰ দেউৰী (৩৮) বুলি জানিব পৰা গৈছে ৷ তাৰ পিছতে সৰবৰাহকাৰী কেইটাক আটক কৰি গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীয়ে চমজাই দিয়ে ৷

লগতে পঢ়কঃ শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন

ABOUT THE AUTHOR

...view details