ডুমডুমা, 28 এপ্ৰিলঃ লক ডাউনৰ মাজতেই মঙলবাৰে পুৱাই ডুমডুমাৰ টিপুক চাহ বাগিছাৰ শ্ৰমিকসকল ওলাই আহি বাগিছা পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰে ৷ লগতে বাগিছাখনৰ শতাধিক শ্ৰমিকে পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰে । লক ডাউনৰ সময়ত ৰেচনকে ধৰি মজুৰিৰ এটা অংশ কাটি থোৱাৰ অভিযোগ কৰিছে শ্ৰমিকসকলে ৷
টিপুক চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও - পৰিচালকৰ বিৰুদ্ধে
ডুমডুমাৰ টিপুক চাহ বাগিছাত আৰক্ষী উপস্থিত,পৰিচালকৰ কাৰ্যালয় ঘেৰাও,ৰেচন আৰু মজুৰি সময় মতে নিদিয়াৰ অভিযোগ পৰিচালকৰ বিৰুদ্ধে ৷
![টিপুক চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও A_DDM_801_28APR_TIPUK_VISUAL10_BHASKAR_DAHAL_ASC10048](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6970676-882-6970676-1588056063523.jpg)
টিপুক চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও
টিপুক চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও
বিভিন্ন অযুহাত দেখুৱাই শ্ৰমিকসকলৰ প্ৰাপ্য ধন আৰু ৰেচন কাটি থোৱাৰ লগতে চৰকাৰ নীতি নিৰ্দেশনা অনুসৰি শ্ৰমিকসকলক মজুৰি প্ৰদান নকৰাৰ অভিযোগ কৰিছে বাগিছাখনৰ শ্ৰমিকসকলে। যাৰ পৰিপেক্ষিতত শ্ৰমিকসকল অতিষ্ঠ হৈ পুৱাই শতাধিক শ্ৰমিক ওলাই আহি বাগিছা পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে পৰিস্থিতি অৱনমিত হোৱাত বাগিছাখনত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢকঃ ধিঙৰ চৰ চাপৰিত মাতব্বৰ ৰাজ !