অসম

assam

ETV Bharat / state

চিচি টি ভি কেমেৰাত আৱদ্ধ ডুমডুমাৰ ডকাইটি - ডুমডুমা ডকাইতি কাণ্ডৰ চিচি টিভি ফুটেজ লাভ

ডুমডুমা নগৰৰ মাজমজিয়াত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ চিচি টিভি ফুটেজ লাভ আৰক্ষীৰ

ডুমডুমা ডকাইতি কাণ্ড আৱদ্ধ হ'ল চিচি টিভি কেমেৰাত

By

Published : Nov 4, 2019, 1:27 PM IST

Updated : Nov 4, 2019, 1:34 PM IST

তিনিচুকীয়া,4 নবেম্বৰ : চিচি টি ভি কেমেৰাত আৱদ্ধ হ'ল ডুমডুমাত সংঘটিত হোৱা ডকাইটি কাণ্ড ৷ ডুমডুমা নগৰৰ মাজমজিয়াত দেওবাৰ নিশা সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ড চিচি টিভি কেমেৰাৰ ফুটেজ লাভ কৰিবলৈ সক্ষম আৰক্ষী । চিচি টিভি কেমেৰাত আৱদ্ধ হ'ল ডুমডুমা কলিয়াপানী নিবাসী তথা উচামাটিস্থিত "মিনু মটৰচ্" ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালাৰ লগত সংঘটিত হোৱা ডকাইটিৰ সমগ্ৰ দৃশ্য ৷ কেমেৰাত আৱদ্ধ হোৱা দৃশ্য অনুসৰি সঞ্জয় আগৰৱালাই নিজ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটীৰে ঘৰলৈ ওভতাৰ সময়তেই ক'লা ৰঙৰ এখন পালচাৰ মটৰ চাইকেলত অহা তিনিজনীয়া যুৱকৰ এটা দলে পিষ্টলৰে সঞ্জয় আগৰৱালক প্ৰথমে মুৰত আক্ৰমণ কৰে আৰু দলটোৰ এজন যুৱকে আগৰৱালৰ স্কুটিখন লৈ পলায়ন কৰে । অৱশ্যে কিছু সময়ৰ পিছতেই ব্যৱসায়ীজনৰ স্কুটীখন ঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল যদিও ব্যৱসায়ীজনৰ স্কুটীখনৰ ডিকিত থকা প্ৰায় ৬০ হাজাৰ টকা লৈ ডকাইটৰ দলটোৱে লৈ উধাও হয় ।

ডুমডুমা ডকাইতি কাণ্ড আৱদ্ধ হ'ল চিচি টিভি কেমেৰাত

উল্লেখ্য যে, উক্ত ঘটনাক সঞ্জয় আগৰৱালাই সাধাৰণ ডকাইতৰ ঘটনাৰ পৰিৱৰ্তে অপহৰণৰ চেষ্টাৰ ঘটনা বুলিহে কয় । ঘটনাটোৱে ডুমডুমা নগৰখনৰ ব্যৱসায়ী সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰ্তমান চিচি টিভি ফুটেজ প্ৰত্যক্ষ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Last Updated : Nov 4, 2019, 1:34 PM IST

ABOUT THE AUTHOR

...view details