ডুমডুমা,13 মে': তিনিচুকীয়া জিলাৰ ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে গ্ৰাহকসকল । কাৰণ ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলটোত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে কেতবোৰ আজৱ কাণ্ড ৷ মাহেকত কোনো এঘৰ গ্ৰাহকৰ যদি বিদ্যুৎ মাচুল 50 হাজাৰ আহিছে কোনো ঘৰৰ আকৌ 83 হাজাৰ আহিছে ৷ মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহা এইসকল গ্ৰাহকে এতিয়া মূৰে-কপালে হাত দিছে ৷
ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড, মাচুল আহিল 83 হাজাৰ টকা - Dumduma
ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলত সংঘটিত হৈ আহিছে কেতবোৰ আজৱ কাণ্ড ৷ মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাচতো মাহেকত বিদ্যুতৰ মাচুল আহিছে 50-83 হাজাৰলৈ ৷ এমাহত ঘৰুৱা বিদ্যুতৰ মাচুল অত্যধিক দেখি আচম্বিত হৈ পৰা গাঁৱবাসীয়ে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সমাধান সূত্ৰ পোৱা নাই ৷
ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড, মাচুল আহিল 83 হাজাৰ টকা
ইফালে সংমণ্ডলটোৰ অধীনত কৰ্মৰত একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াত বিদ্যুৎ যোগানৰ ঠিকা লাভ কৰা একাংশ ঠিকাদাৰে গ্ৰামাঞ্চলৰ সাধাৰণ গ্ৰাহকৰ ওপৰত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে । উপ সংমণ্ডলটোৰ অধীনৰ কাকপথাৰৰ বহুসংখ্যক লোকৰ ঘৰত এমাহত ঘৰুৱা বিদ্যুতৰ মাচুল অত্যাধিক দেখি আচম্বিত হৈ পৰা গাঁৱবাসীয়ে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সমাধান সূত্ৰ পোৱা নাই ৷ এইক্ষেত্ৰত বিদ্যুৎ বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাঁৱবাসীয়ে ৷
লগতে পঢ়ক:সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক