অসম

assam

By

Published : Dec 13, 2020, 3:58 PM IST

ETV Bharat / state

আৰক্ষীৰ বিৰুদ্ধে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ডুমডুমাত বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক নোৱান্তিক ওৰাঙক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ডুমডুমা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক লুংখাং লৌভেমৰ বিৰুদ্ধে ৷ নিষিদ্ধ কানিসহ সুজিত দহোটীয়া নামৰ এজন যুৱকক আটক কৰাত বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক গৰাকীয়ে ৷ তাৰ পাচতে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ডুমডুমা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ৷

Dumduma police misbehaved on duty journalist
আৰক্ষীৰ বিৰুদ্ধে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা অভিযোগ

ডুমডুমা, 13 ডিচেম্বৰ: ডুমডুমাত কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰ্মৰত আৰক্ষীৰ বিৰুদ্ধে ৷ ডুমডুমা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক লুংখাং লৌভেমৰ বিৰুদ্ধে DY365 নামৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক নোৱান্তিক ওৰাঙক দুৰ্ব্যৱহাৰ কৰ৷ৰ অভিযোগ উত্থাপন কৰে সাংবাদিক গৰাকীয়ে ৷ সমগ্ৰ দৃশ্য বন্দী সংবাদ মাধ্যমৰ কেমেৰাত ৷

আৰক্ষীৰ বিৰুদ্ধে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা অভিযোগ

উল্লেখ্য যে, ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙৰ জোনাকী পথত ডুমডুমা আৰক্ষীয়ে নিষিদ্ধ কানিসহ এজন কানি সৰবৰাহকাৰীক আটক কৰিছিল । AS-23 F-2800নম্বৰৰ বাহনখনৰ পৰা কৰ্দৈগুৰি কেচৰগুৰিৰ সুজিত দহোটীয়া নামৰ এজন অভিযুক্ত যুৱকক নিষিদ্ধ কানিসহ আটক কৰিছিল ৷ সেই সময়তে বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীলৈ গৈছিল DY365 ৰ সাংবাদিক নোৱান্তিক ওৰাং ৷ কিন্তু সাংবাদিক গৰাকীক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে ডুমডুমা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক লুংখাং লৌভেমে ৷

আৰক্ষীৰ বিৰুদ্ধে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা অভিযোগ

ইফালে এগৰাকী কৰ্তব্যৰত সাংবাদিকক আৰক্ষী বিষয়াই বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাত ডুমডুমা প্ৰেছ ক্লাবকে ধৰি আছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আৰক্ষীয়ে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা কাৰ্যই অঞ্চলটোৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:কৰিমগঞ্জত বৰযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details