ডুমডুমাৰ কাঠৰ ডিপোত বন বিভাগৰ অভিযান - উপায়ুক্ত
অবৈধ 'খয়েৰ' কাঠ মজুত থকাৰ সন্দেহত ডিপোটোত তালাচি চলোৱা হয় । ডিপোটোত অভিযানৰ সময়ছোৱাত পেলনীয়া অৱস্থাত থকা কেইটামান খয়েৰ কাঠৰ টুকুৰা উদ্ধাৰ হয় ।
ডুমাডিমা,২জুন : দেওবাৰে সন্ধিয়া ডুমডুমাৰ ৰূপবনত থকা কাঠৰ ডিপো এটাত বন বিভাগৰ ডুমডুমা আৰু ডিব্ৰুগড় সংমণ্ডলে যুটীয়াভাৱে অভিযান চলায় । অবৈধ 'খয়েৰ' কাঠ মজুত থকাৰ সন্দেহত ডিপোটোত তালাচি চলোৱা হয় । ডিপোটোত অভিযানৰ সময়ছোৱাত পেলনীয়া অৱস্থাত থকা কেইটামান খয়েৰ কাঠৰ টুকুৰা উদ্ধাৰ হয় । জানিবলৈ পোৱা মতে বন বিভাগে দিয়া অনুজ্ঞাপত্ৰৰ আঁৰত ডিপোখনত অবৈধভাৱে খয়েৰ কাঠৰ বেহা কৰা বুলি উপায়ুক্তক অভিযোগ দিছিল কোনো অজ্ঞাত লোকে আৰু তাৰ ভিত্তিতেই দেওবাৰে সন্ধিয়া বন বিভাগে আৰক্ষীৰ সহযোগত এই অভিযান চলায় ।