অসম

assam

ETV Bharat / state

নিৰ্মানৰ দুমাহ পাছতেই খহি পৰিল দলং

নিৰ্মান সম্পূৰ্ণ হোৱা দুমাহৰ পাছতেই খহি পৰিল চিকৰাজান-কঠালগুৰি সংযোগী পথৰ পকী দলং। দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ আভিযোগ স্থানীয় ৰাইজৰ ।

dumduma-new-bridge-damge-corppution-alligation-public
দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Jul 15, 2020, 9:57 AM IST

ডুমডুমা,15জুলাইঃ তিনিচুকীয়া জিলাৰ ভিতৰতেই অনুন্নত মৌজা হিচাপে ইতিপূৰ্বে পৰিগণিত হোৱা বুঢ়িদিহিং মৌজাৰ লোকসকলে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মূখীন হৈ আহিছে । মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং মৌজাৰ চিকৰাজানৰ পৰা কঠালগুৰি সংযোগী পথৰ মৈলাজান নৈৰ ওপৰত দুমাহ পূৰ্বে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল । কিন্তু অতি পৰিতাপৰ কথা যে, এই পকী দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ মাত্ৰ দুমাহৰ পাছতেই বাঢ়নী পানীত দলংখনৰ এটা অংশ খহি পৰিল । মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ছত্ৰছঁয়াত তিনিচুকীয়াৰ বহু বিতৰ্কিত বি.বি.এন্টাৰপ্ৰাইজ নামৰ ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠানে ব্যাপক দুৰ্নীতিৰ অশ্ৰয় লোৱাৰ বাবেই দলংখন নিৰ্মান সম্পূৰ্ণ হোৱাৰ মাত্ৰ দুই মাহৰ পাছতেই এনেদৰে খহি পৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে ।

দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ইপিনে বৃহত্তৰ অঞ্চলটোৰ বহি:বিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ পথটোৰ ওপৰত থকা দলংখন এনেদৰে খহি পৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোৰ লোকসকলৰ । যাৰ ফলত দলংখনৰ খহি পৰা অংশৰে স্থানীয় লোকসকলে কাঠ-বাঁহৰ সহায়ত অহা-যোৱাৰ ব্যৱস্থা কৰি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে। অন্যহাতে, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই খহি পৰা দলংখন নিশাৰ ভাগত পৰিদৰ্শন কৰিবলৈ অহাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। ইফালে অতি শীঘ্ৰেই দলংখন পুনৰ নিৰ্মাণ কৰি জনসাধাৰণৰ যাতায়ত সুচল কৰি তুলিবলৈ স্থানীয় লোকসকলে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।

লগতে পঢ়কঃ মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

ABOUT THE AUTHOR

...view details