অসম

assam

ETV Bharat / state

ৰাজ্যৰ ৰাজপথে ৰাজপথে শিশুৰ মধ্যাহ্ন ভোজনৰ খাদ্য - ডূমডুমাত মধ্যাহ্ন ভোজন পেলাই প্ৰতিবাদ ৰন্ধন কৰ্মীৰ

ডুমডুমাত ৰন্ধন কৰ্মীৰ উত্তপ্ত প্ৰতিবাদ ৷ বেচৰকাৰী সংস্থাই মধ্যাহ্ন ভোজন পেলালে বিদ্যালয়ৰ চৌহদত ৰন্ধন কৰ্মীয়ে

ডূমডুমাত বেচৰকাৰী সংস্থাই অনা মধ্যাহ্ন ভোজন পেলাই প্ৰতিবাদ ৰন্ধন কৰ্মীৰ

By

Published : Nov 5, 2019, 5:23 PM IST

তিনিচুকীয়া, 5 অক্টোবৰ : ৰাজ্য চৰকাৰে লোৱা বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব হস্তান্তৰ কৰা সিদ্ধান্তৰ বাবে ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ সোমবাৰে তিনিচুকীয়াৰ মাকুমত ঘনশ্যাম সেৱা সমিতি নামৰ এন জি অ'টোৱে অনা মধ্যাহ্ন ভোজনৰ খাদ্য ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মঙলবাৰে পুনৰ ডুমডুমাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ত অনুৰূপ ঘটনা ৷ দিল্লী চৰকাৰৰ ব্লেকলিষ্টেড ঘনশ্যাম সেৱা সমিতিয়ে তিনিচুকীয়া কেন্দ্ৰীয় ৰান্ধনীশালৰ পৰা আনিছিল মধ্যাহ্ন ভোজনখিনি ৷ এন জি অ'টোৱে যোগান ধৰা দাইলৰ নামত পানী, ভাতত পোক-পৰুৱা আদি উদ্ধাৰ হোৱা বুলি দাবী কৰিছে ৰন্ধনকৰ্মী সকলে ৷ বৰ্তমান আৰক্ষী আৰু চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তাৰ মাজত আছে বিদ্যালয়খনৰ চৌহদ ৷ ৰন্ধনকৰ্মী সকলে নিজৰ সন্তানৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক খাদ্য যোগান ধৰা বুলিও ক্ষোভ ব্যক্ত কৰে ৷

ডূমডুমাত বেচৰকাৰী সংস্থাই অনা মধ্যাহ্ন ভোজন পেলাই প্ৰতিবাদ ৰন্ধন কৰ্মীৰ

ABOUT THE AUTHOR

...view details