ডুমডুমা, 29 জুলাই: ডু একাডেমীৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা চিটৰিও কাৰাটেৰ সৌজন্যত ডুমডুমাত দুদিনীয়াকৈ কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান সম্পন্ন হৈ যায় । উক্ত প্ৰশিক্ষণত তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষীমপুৰ, গুৱাহাটী আদিৰ পৰা প্ৰায় ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । ডুমডুমা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণত প্ৰথম দিনা কাৰাটে প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ দ্বিতীয় দিনা সেই প্ৰশিক্ষণৰ পৰীক্ষাও সম্পন্ন হয় । ডুমডুমাত অনুষ্ঠিত এই কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিংত মুখ্য প্ৰশিক্ষক হিচাপে চিহান সমীৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰমোদ ভূঞা আৰু মৃদুল গগৈয়ে সহযোগ কৰে ।
ডমডুমাত ডু একাডেমীৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ - dumduma
ডমডুমাত ডু একাডেমীৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান ৷ উক্ত প্ৰশিক্ষণত ১২০ গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ ৷ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰশিক্ষক চিহান সমীৰ দাস ৷
ডমডুমাত ডু একাডেমীৰ উদ্যোগত কৰাটে প্ৰশিক্ষণ
আনহাতে এই প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত পৰীক্ষাত পেঙেৰীৰ অঞ্জু ছেত্ৰীয়ে পোন প্ৰথমবাৰৰ বাবে ছোৱালী শাখাত Black Belt লাভ কৰি সমগ্ৰ পেঙেৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'য় ।