অসম

assam

ETV Bharat / state

মহিলা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংবাদিক - ডুমডুমা প্ৰেছ ক্লাব

ব্যক্তিগত মালিকানাধীন এটা সংবাদ গোষ্ঠীৰ সাংবাদিক বুলি পৰিচয় দিয়া এজন যুৱকৰ বিৰুদ্ধে ডুমডুমাত উত্থাপিত হৈছে মহিলা নিৰ্যাতনৰ অভিযোগ ৷ আনহাতে, তথাকথিত সাংবাদিকজন ডুমডুমা প্ৰেছ ক্লাবৰ সদস্য নহয় বুলি চিনাকী দিয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডুমডুমা প্ৰেছ ক্লাবে ৷

As_DDM_journalist-molest-woman_vis_ASC10048
মহিলা নিৰ্যাতনত অভিযুক্ত তথাকথিত সাংবাদিক সুৰজিত চৌধুৰী

By

Published : Feb 8, 2021, 6:12 PM IST

ডুমডুমা,8 ফেব্ৰুৱাৰী: সংবাদ জগতক কলুষিত কৰা এক ঘটনা সংঘটিত হৈছে ডুমডুমাত ৷ নিজকে এটা ব্যক্তিগত মালিকানাধীন সংবাদ গোষ্ঠীৰ সাংবাদিক বুলি পৰিচয় দিয়া এজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলা নিৰ্যাতনৰ অভিযোগ ৷ উক্ত ঘটনাত নাম সাঙুৰ খোৱা সুৰজিত চৌধুৰী ওৰফে মুন্না নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি নিজকে সাংবাদিক বুলি পৰিচয় দি আহিছিল ৷

মহিলা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংবাদিক

উত্থাপিত অভিযোগ অনুসৰি অভিযুক্ত মুন্নাই তিনিদিন পূৰ্বে ডুমডুমাৰ জিএনবি পথ নিবাসী এগৰাকী মহিলাৰ বাসগৃহত প্ৰৱেশ কৰি মহিলাগৰাকীক শাৰিৰীকভাৱে নিৰ্যাতন চলায় ৷ সাংবাদিকগৰাকীৰ এই কাৰ্যত মহিলাগৰাকী হতভম্ব হৈ চিঞৰ-বাখৰ কৰে ৷ লগে লগে স্থানীয় লোক ওলাই অহাত তথাকথিত সাংবাদিকজনে তেওঁক কোনেও একো কৰিব নোৱাৰে বুলি দাবী-ধমকি দি ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷ ভূক্তভোগী মহিলাগৰাকীয়ে দেওবাৰে এই সন্দৰ্ভত ডুমডুমা প্ৰেছ ক্লাবৰ লগতে স্থানীয় মহিলা সমিতিক অৱগত কৰে ৷

ডুমডুমাত মহিলা নিৰ্যাতনত অভিযুক্ত সাংবাদিক

মহিলাগৰাকীৰ এই অভিযোগৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডুমডুমা প্ৰেছ ক্লাবে ৷ তথাকথিত সাংবাদিক সুৰজিত চৌধুৰী ডুমডুমা প্ৰেছ ক্লাবৰ সদস্য নহয় তথা তেওঁ কোনটো সংবাদ মাধ্যমৰ সৈতে জড়িত সেই বিষয়েও প্ৰেছ ক্লাব অৱগত নহয় বুলি ক্লাবৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷ এই ঘটনাই সমগ্ৰ ডুমডুমা অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক-বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

ABOUT THE AUTHOR

...view details