ডুমডুমাত যৌতুকৰ বাবে পত্নীক অত্যাচাৰ, প্ৰাণে মৰাৰ চেষ্টা স্বামীৰ - তিনিচুকীয়া জিলাৰ ডুমডুমাত যৌতুক বিচাৰি পত্নীক অত্যাচাৰৰ
তিনিচুকীয়া জিলাৰ ডুমডুমাত যৌতুক বিচাৰি পত্নীক অত্যাচাৰৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
ডুমডুমা,28 অক্টোবৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । যৌতুক বিচাৰি পত্নীক অত্যাচাৰৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । স্বামীৰ আক্ৰমণৰ দাগ শৰীৰত লৈ পিতৃ গৃহত চাহানাজ বেগম । ঘটনা অনুসৰি, বৰহাপজানৰ পুৰণাবজাৰৰ চাহানাজ বেগম নামৰ এগৰাকী মহিলাৰ ২০০৩ চনত লিডুৰ বাবু খান নামৰ লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু বিয়াৰ পাছৰে পৰা স্বামীৰ লগতে স্বামীগৃহৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছিল চাহানাজ নামৰ মহিলাগৰাকী । যৌতুক বিচাৰি দীৰ্ঘদিন ধৰি স্বামী বাবু খানে পত্নী চাহানাজক শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল ৷ দেওবাৰে পুনৰ স্বামী বাবু খানে শাৰিৰীকভাৱে আক্ৰমণ কৰে পত্নী চাহনাজক । স্বামীৰ জোতাৰ লগতে ঘোচাৰ আক্ৰমণৰ দাগ পৰিস্ফুত হৈ আছে চাহানাজ বেগমৰ মুখমণ্ডলত । দেওবাৰৰ নিশাই পৰিয়ালৰ লোকে লিডু আৰক্ষীৰ সহযোগত চাহানাজ বেগমক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে । বৰ্তমান ভুক্তভোগী চাহনাজ বেগমে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ ৷