অসম

assam

By

Published : Aug 5, 2020, 5:11 PM IST

ETV Bharat / state

ডুমডুমাত আট্ছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ডুমডুমাত স্থাপন কৰিবলৈ লোৱা আদৰ্শ মহাবিদ্যালয় স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত নামাকৰণ কৰাৰ দাবীত ৰূপায়ন কৰা হয় এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷

ডুমডুমাত আট্ছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট
ডুমডুমাত আট্ছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ডুমডুমা, 5 আগষ্টঃ ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আট্ছাই দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ডুমডুমাত স্থাপন কৰিবলৈ লোৱা আদৰ্শ মহাবিদ্যালয়খন স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত নামাকৰণ কৰা তথা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণৰ কৰাৰ দাবীত এই ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়িত হয় ৷

ডুমডুমাত আট্ছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

আট্ছাৰ ৰূপাই চাইডিং আৰু চামডাং-হাহঁচৰা উপ শাখা সমিতিৰ উদ্যোগত ডুমডুমা ৰে’ল ষ্টেচনৰ সন্মুখত এই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

আট্ছাৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ডুমডুমাত চৰকাৰে এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই আদৰ্শ মহাবিদ্যালয়খনৰ নামাকৰণৰ ক্ষেত্ৰত ৰাজনীতি হোৱা বুলি আট্ছা নেতৃত্বই অভিযোগ কৰিছে । ডুমডুমাত স্থাপন হ'বলগীয়া আদৰ্শ মহাবিদ্যালয়খনৰ নামাকৰণৰ ক্ষেত্ৰত ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে সকিয়নী প্ৰদান কৰিছে সংগঠনটোৱে ।

লগতে পঢ়কঃচাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী পাঁচ শতাধিক হাইস্কুল ফিক্সড পে শিক্ষক

ABOUT THE AUTHOR

...view details