তিনিচুকীয়া, ২৬জুন: সমগ্ৰ ৰাজ্যতে অব্যাহত আছে ড্ৰাগছ(Drugs) বিৰোধী অভিযান ৷ মাৰাত্মক ড্ৰাগছৰ কবলৰ পৰা নৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । তিনিচুকীয়া জিলাতো শুকুৰবাৰে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীৰ বিৰুদ্ধে অভিযান চলায় । মাকুমৰ হেবেদা গাঁৱত আৰক্ষীয়ে সুমিত্ৰ মৰাণ নামৰ এজন লোকৰ ঘৰত অভিযান চলাই ড্ৰাগছ ভৰ্তি ৫টা সৰু কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ।
ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে সুমিত্ৰ মৰাণ নামৰ লোকজনক আটক কৰে । প্ৰাপ্ত তথ্য অনুসৰি, লাংকাঁচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উক্ত ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বেও লাংকাঁচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল সোণোৱালৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল ।
উল্লেখ্যে যে, তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিদিনে এটাৰ পাচত আনটো ড্ৰাগছ সেৱনকাৰীৰ লগতে ব্যৱসায়ীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । মুঠতে জিলাখনত ড্ৰাগছৰ ক'লা বেহা বন্ধ কৰাৰ বাবে আৰক্ষী বদ্ধপৰিকৰ হৈছে ৷ কেৱল তিনিচুকীয়া জিলাই নহয়, সমগ্ৰ ৰাজ্যতে এতিয়া আৰক্ষীয়ে ড্ৰাগছ(Drugs) বিৰোধী অভিযান অব্যাহত ৰাখিছে ।
তিনিচুকীয়াত ড্ৰাগছসহ এজনক আটক বিগত দিনবোৰত বিভিন্ন জিলাত বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে অভিযানকালত সৰু সৰু দোকানত আন সামগ্ৰীৰ লগতে একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ এইসকল অসাধু ব্যৱসায়ীয়ে কেইটামান টকাৰ বাবে যুৱক-যুৱতীসকলক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ সমান্তৰালকৈ অপৰাধজনিত ঘটনাও তুলনামূলকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।
লগতে পঢ়ক:পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে