শদিয়া, 30 মে': শেহতীয়াকৈ ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰালি উভতা গাঁৱত হেৰ'ইনসহ পাঁচজন যুৱকক আৰক্ষীয়ে আটক কৰে ৷ কাকপথাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আটক কৰে যুৱক কেইজনক ৷
কাকপথাৰত হেৰ'ইনসহ পাঁচ যুৱক আটক
কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰালি উভতা গাঁৱত হেৰ'ইনসহ পাঁচ যুৱক আটক ৷ আটকাধীন যুৱককেইজনৰ পৰা জব্দ ১২.৪০ গ্ৰাম হেৰ'ইন ৷
বৰালি উভতা গাঁওত হেৰ'ইনসহ আটক পাঁচ যুৱক
আটকাধীন যুৱক কেইজন ক্ৰমে সঞ্জীৱ সোনোৱাল(22), বিবেক সোনোৱাল(23), বিপ্লৱ নেওঁগ(21), মুমিন বড়া(30) আৰু মনোজ মৰাণ(29) বুলি জানিব পৰা গৈছে ৷ কাকপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে যুৱক কেইজন পৰা ১২.৪০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলি