তিনিচুকীয়া, 23 ফেব্ৰুৱাৰী:তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখত পৰা বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে (Drug Peddler arrested with drug in Tinsukia) ৷ আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে বৰগুৰিৰ কুলেন মৰাণ আৰু হিজুগুৰিৰ শ্বৰিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে । সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৯.৯ গ্ৰাম ড্ৰাগছসহ AS 23 AB 3770 নম্বৰৰ এখন ইক’ স্পৰ্টচ বাহন আৰু AS 23 AB 0964 নম্বৰৰ এখন ভেন’ বাহন জব্দ কৰে সক্ষম হয় ৷
তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজবৰুৱাৰ সহযোগত এটা ৰাইডাৰ টিমে বিশেষ খবৰৰ ভিত্তিত চলাইছিল এই অভিযান ৷ ঘটনাৰ বিৱৰণী অনুসৰি AS 23 AB 3770 নম্বৰৰ ইক’ স্পৰ্টচ বাহনখনত বৰগুৰিৰ কুলেন মৰাণ নামৰ লোকজনে শৰ্মা উপাধিৰ এজন লোকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখত ড্ৰাগছখিনি যোগান ধৰিবলৈ আহিছিল ৷ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীৰ পৰা কুলেন মৰাক আটক কৰে (Drug Peddler arrested at Tinsukia) ৷
আৰক্ষীয়ে কুলেন মৰাণৰ তথ্যৰ ভিত্তিত একে স্থানতে ড্ৰাগছসহ হিজুগুৰিৰ শ্বৰিফ আহমেদক AS 23 AB 0964 ভেন’খনত আটক কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুনৰ শৰ্মা উপাধিৰ ব্যক্তিজনক ফাৰ্মাচীখনৰ কাষৰ এটা কোঠাত অভিযান চলাই আটক কৰে ৷ লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 12.6 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized in Tinsukia ) ৷