ডুমডুমা,13 মাৰ্চঃডুমডুমাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূপ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁৱত থকা পানীযোগান আঁচনিৰ পৰা আজিলৈকে এটুপি খোৱা পানী লাভ নকৰিলে বৃহত্তৰ অঞ্চলবাসীয়ে । বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে চৰকাৰী ধন খৰচ কৰি পানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে যদিও আজিলৈকে অঞ্চলবাসী বঞ্চিত হৈ ৰ'ল এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা। বিয়াগোম বিভাগটোৱে চৰকাৰী ধন খৰচ কৰি পানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে যদিও এই পৰ্যন্ত বিকল অৱস্থাত আছে পানী যোগান আঁচনি ৷ অতি শীঘ্ৰে এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰি বৃহত্তৰ কাকজান অঞ্চলবাসী ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
ডুমডুমাৰ কাকজানত পানী যোগান আঁচনিৰ নামত ভেঁকোভাওনা - তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টি
তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁৱত থকা পানীযোগান আঁচনিৰ পৰা আজিলৈকে এটুপি খোৱা পানী লাভ নকৰিলে বৃহত্তৰ অঞ্চলবাসীয়ে ।অঞ্চলটোৰ লোকসকলক বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰকাৰী ধন খৰচ কৰি পানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে যদিও আজিলৈকে অঞ্চলবাসীক যোগান ধৰা নহ'ল এটুপি বিশুদ্ধ খোৱা পানী । অতি শীঘ্ৰে এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰি বৃহত্তৰ কাকজান অঞ্চলবাসী ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে ।
ডুমডুমাৰ কাকজানত পানী যোগান আঁচনিৰ নামত ভেকোভাওনা