অসম

assam

ETV Bharat / state

ডুমডুমা প্ৰেছ ক্লাৱৰ  উদ্যোগত COVID-19 সজাগতা

সমগ্ৰ দেশৰ লগতে অসমতো তৃতীয় পৰ্যায়ৰ লক্ ডাউন অব্যাহত থকাৰ সময়তে ডুমডুমা প্ৰেছ ক্লাৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কে ডুমডুমা অঞ্চলৰ বিভিন্ন স্থানত মাইকযোগে ঘোষণা কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলাইছে ডুমডুমা প্ৰেছ ক্লাৱে ৷

By

Published : May 12, 2020, 2:34 PM IST

doomdooma-press-club-initiative
কৰ'ণা ভাইৰাছ সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা ডুমডুমা প্ৰেছ ক্লাৱৰ

ডুমডুমা,12 মে':কৰ'ণা ভাইৰাছ সম্পৰ্কে সজাগতাৰ অনাৰ চেষ্টা ডুমডুমা প্ৰেছ ক্লাৱৰ । ডুমডুমা প্ৰেছ ক্লাৱে কৰ'ণা ভাইৰাছ সম্পৰ্কে ডুমডুমা অঞ্চলৰ বিভিন্ন স্থানত মাইকযোগে ঘোষণা কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলাইছে । সকলো লোকেই মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি লক্ ডাউনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ডুমডুমা প্ৰেছ ক্লাৱে।

ডুমডুমা প্ৰেছ ক্লাৱৰ উদ্যোগত COVID-19 সজাগতা

ডুমডুমা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে ডুমডুমা নগৰৰ লগতে ৰূপাই চাইডিং, উচামাটি আদি স্থানত মাইকযোগে ঘোষণা কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলাইছে । উল্লেখযোগ্য যে, লক্ ডাউনৰ আৰম্ভণিৰ পৰাই ডুমডুমা প্ৰেছ ক্লাৱে বিভিন্ন দল-সংগঠনৰ সহযোগত বহু সংখ্যক দুৰ্গত পৰিয়ালক খাদ্য সামগ্ৰীও বিতৰণ কৰি আহিছে ।

লগতে পঢ়কঃপূৱ আফ্ৰিকাত জনপ্ৰিয় হৈছে কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল





ABOUT THE AUTHOR

...view details