অসম

assam

ETV Bharat / state

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ডুমডুমাত শিক্ষকৰ প্ৰতিবাদ

নতুন পেঞ্চন নীতি বাতিলৰ দাবী জনাই ৰাজপথলৈ ওলাই আহিল ডুমডুমাৰ শিক্ষক-কৰ্মচাৰী । মঙলবাৰে ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ডুমডুমাত শিক্ষকৰ প্ৰতিবাদ
নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ডুমডুমাত শিক্ষকৰ প্ৰতিবাদ

By

Published : Feb 23, 2021, 3:37 PM IST

ডুমডুমা, ২৩ ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ ডুমডুমাত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল শিক্ষক-কৰ্মচাৰী । নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । মঙলবাৰে ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

নতুন পেঞ্চন নীতিয়ে শিক্ষকসকলৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান আৰু ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষকসকলে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে আজিৰে পৰা সৰ্বাত্মক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষক-কৰ্মচাৰীসকলে । চৰকাৰে যদিহে এই নতুন পেঞ্চন নীতি বাতিল নকৰে, তেন্তে পৰৱৰ্তী সময়ত আৰু জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:গীত পৰিৱেশনৰ সময়তে মঞ্চৰ পৰা পৰিল দেৱজিৎ সাহা

ABOUT THE AUTHOR

...view details