ডুমডুমা, 4 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত এতিয়া চলিছে আলফাৰ নামত ব্যাপক সন্ত্ৰাস ৷ এই সন্ত্ৰাসৰ ফলত এতিয়া আতংকৰ মাজত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ মঙলবাৰে জিলাখনৰ তালাপ থানাৰ অন্তৰ্গত কৰ্দৈগুৰিৰ ১ নং নতুন হাতীহাল গাঁৱতো সংঘটিত হ'ল এক অনুৰূপ ঘটনা ৷ ঘটনা অনুসৰি, হাতীহাল গাঁৱৰ অজিত গগৈক বিচাৰি নিশা প্ৰায় 12/15 জনীয়া এটা অস্ত্ৰধাৰী দলে সমগ্ৰ গাঁৱখনত আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি সন্ত্ৰাস চলাই ৷ অস্ত্ৰধাৰী দলটোৱে গাওঁখনৰ তিনিটাকৈ পৰিয়ালৰ ঘৰত অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি লাখ টকাৰ ধন-সোণ লুট কৰি লৈ যায় ৷ লগতে অজিত গগৈক বিচাৰি নাপাই এগৰাকী অশীতিপৰ বৃদ্ধাক পেটত গুৰিয়াই গুৰুত্বৰভাৱে আহত কৰে ৷
তিনিচুকীয়া আলফাৰ নামত সন্ত্ৰাস : অসহায় বৃদ্ধাৰ কাতৰ আহ্বান "আমি অসমীয়া আমাক জীয়াই থাকিবলৈ দিয়ক" - ULFA news
কৰ্দৈগুৰিত আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দি তিনিটাকৈ পৰিয়ালৰ পৰা অস্ত্ৰ দেখুৱাই লুটিলে লক্ষাধিক টকাৰ ধন-সোণ ৷ এগৰাকী বৃদ্ধাক পেটত গোৰ মাৰি আক্ৰমণ ৷ অসহায় বৃদ্ধাৰ আলফাৰ প্ৰতি হাতযোৰ কৰি নিবেদন, "আমি অসমীয়া আমাক জীয়াই থাকিবলৈ দিয়ক"৷
তিনিচুকীয়া আলফাৰ নামত সন্ত্ৰাস : অসহায় বৃদ্ধাৰ হাতযোৰ কৰি ক'লে "আমি অসমীয়া আমাক জীয়াই থাকিবলৈ দিয়ক"
মুখত ক'লা কাপোৰ বান্ধি অহা দলটোৱে গাঁৱবাসীৰ আগত নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দিয়াৰ লগতে তেওঁলোকক জনৈক "ছাৰে" পঠাইছে বুলি উল্লেখ কৰে ৷ গাঁৱবাসীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি দলটোৱে বিগত কিছুদিনৰ পৰা গাওঁখনত আলফাৰ নাম লৈ সন্ত্ৰাস চলাই আহিছে ৷ অস্ত্ৰধাৰী দলটোৰ সন্ত্ৰাসত আতংকিত হৈ বৰ্তমান উজাগৰী নিশা পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ গাঁওবাসীয়ে পৰেশ বৰুৱাক আহ্বান জনাইছে গাঁওবাসীৰ দুখ-দুদৰ্শাৰ কথা ভাবি স্পষ্ট কৰক অস্ত্ৰধাৰী দলটো আলফা স্বাধীনৰ সদস্য হয় নে নহয় ৷