ডুমডুমা, ৩০ জুন :তিনিচুকীয়াত আজৱ কাণ্ড বিদ্যুৎ বিভাগৰ (Electricity Department) । ১০ মাহে বিদ্যুতৰ সংযোগ নাই এটা অঞ্চলত ৷ কিন্তু সময়মতেই ৰাইজক বিদ্যুতৰ বিল প্ৰেৰণ কৰি আছে বিভাগে ।
তিনিচুকীয়া জিলাৰ ডুমডুমা বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰৰ সমীপৰ টঙনা চাহ বাগিচাৰ ৮ নং লাইনত বিগত ১০ মাহে ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ৷ বাগিচাখনৰ ৮ নং লাইনত থকা এটা ট্ৰেন্সফৰ্মাৰ (Transformer) ২০২০ বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা বিকল হৈ আছে । উক্ত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি বাগিচাখনৰ এই লাইনটোত বিদ্যুৎ সেৱা সূচল কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
যাৰ বাবে বিগত ১০ মাহে বিদ্যুৎ লাভৰ পৰা বঞ্চিত হৈ আছে লাইনটোৰ বাসিন্দাসকল । ইফালে বিদ্যুৎ সেৱা ব্যাহত হ'লেও বিদ্যুতৰ বিল (Electricity Bill) কিন্তু ঠিকমতেই প্ৰেৰণ কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই । ফলত চিন্তিত হৈ পৰিছে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত টঙনা চাহ বাগিচাৰ ৮ নং লাইনৰ বাসিন্দাসকল ।