অসম

assam

পেট্ৰ'ল-ডিজেলৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত AJYCPৰ প্ৰতিবাদ

By

Published : Feb 5, 2021, 9:58 PM IST

পেট্ৰ'ল-ডিজেলৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । প্ৰধানমন্ত্ৰী মোদী, পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত ।

ডুমডুমাত প্ৰতিবাদ
ডুমডুমাত প্ৰতিবাদ

ডুমডুমা, ৫ ফেব্ৰুৱাৰী: পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত হাৰত মূল্য়বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতিৰ লগতে ডুমডুমা, কাকপথাৰ, ডাঙৰী-ছৈখোৱা আঞ্চলিক সমিতিয়ে ডুমডুমাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

পেট্ৰ'ল-ডিজেলৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত AJYCPৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী মোডী আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীসকলে । 'বিজেপি চৰকাৰ মুৰ্দাবাদ, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, মোডী চৰকাৰ হুচিয়াৰ, অতিশীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰক' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । অতিশীঘ্ৰে প্ৰেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ নকৰিলে যুৱ-ছাত্ৰ পৰিষদে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী

ABOUT THE AUTHOR

...view details